কলকাতাৰ আৰ.জি.কৰ মেডিকেল কলেজৰ তৰুণী চিকিৎসক ধৰ্ষণ- হত্যাৰ ঘটনাই সমগ্র দেশক জোঁকাৰি গৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়কে ধৰি শিক্ষা প্ৰতিষ্ঠান আৰু বিভিন্ন দল – সংগঠন সমূহেও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিচিত এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশনা অনুসৰি পাঁচটা সংমণ্ডল আৰু ৫৫ টা শাখাই বুধবাৰৰে পৰা ইয়াৰ বিৰুদ্ধে ১৯ আগষ্টৰ পৰা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে সন্ধিয়া ইউনিয়নৰ গুৱাহাটী শাখাই সন্ধিয়া হাতে হাতে মমবাতি লৈ এক বিশাল প্ৰতিবাদী সমদল উলিয়াই।
ইউনিয়নৰ গুৱাহাটী শাখাৰ শাখা সভাপতি গুণেন্দ্ৰ বৰুৱা আৰু সম্পাদক অৰূপ কলিতাৰ নেতৃত্বত উলিওৱা সমদলত ভাগ লোৱা কেবা শতাধিক ৰেলকৰ্মীয়ে হাতে হাতে মমবাতি লৈ প্লে – কাৰ্ড প্ৰদৰ্শন কৰি কলকাতাৰ তৰুণী চিকিৎসক ধৰ্ষণ-হত্যাৰ ঘটনাৰ উচিত তদন্ত আৰু দোষীসকলক চিনাক্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰতম শান্তি বিহিবলৈ চৰকাৰক দাবী জনায়। ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক নয়ন কুমাৰ বৰ্মনে ভাগ লৈ নেতা আক্ষেপ প্ৰকাশ কৰি কয় সমাজসেৱাত ব্ৰতী চিকিৎসকসকল যদি নিজ কৰ্তব্যস্থলতেই সুৰক্ষিত নহয় তেনেহলে কিদৰে আতুৰ জনতাক নিৰ্ভিকভাবে চিকিৎসা সেৱা আগবঢ়াব।