আগন্তুক ৭৮সংখ্যক স্বাধীনতা দিৱসত স্বদেশ আৰু স্বজাতিৰ প্ৰতি দেশাত্মবোধ উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে “হৰ ঘৰ ত্ৰিৰংগা” অভিযানৰ লগত সঙ্গতি ৰাখি মঙ্গলবাৰে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত এক বৃহৎ বাইক-কাৰ ৰেলী উলিওৱা হয়। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আহ্বানক্ৰমে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত, আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিশেষ সহযোগত এই ৰেলী উলিওৱা হয়।
পুৱা ৭.৩০বজাত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উদ্বোধনৰ পিছতে জি এছ ৰোডেৰে দীঘলীপুখুৰীলৈ ওলাই মালিগাঁও হৈ গুৱাহাটীৰ আই এছ বি টি চৌহদত ৰেলীৰ সামৰণি পৰে। অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে যানবাহন বিক্ৰেতা প্ৰতিষ্ঠানৰ লগতে বিভিন্ন সামাজিক-সাংস্কৃতিক-স্বেচ্ছাসেৱী অনুষ্ঠান,যান-বাহনকৰ্মী আদিক ত্ৰিৰংগ পতাকাৰে ৰেলীত অংশগ্ৰহণ কৰি সমাজৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত দেশপ্ৰেম, দেশাত্মবোধ জাগ্ৰত কৰিবলৈ আহ্বান জনাইছে।