সৰ্বভাৰতীয় ৰেলৱে ট্ৰেড ইউনিয়নৰ অন্যতম সৰ্ববৃহৎ সংগঠন “নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছ” চমুকৈ NFIRৰ পাঞ্জাৱৰ অমৃতসৰ চহৰত সদ্যসমাপ্ত কাৰ্যকৰী সভাত সংগঠনটোৰ গুৰুত্বপূৰ্ণ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়া।
আনহাতে সোমবাৰে নিশা নতুন দিল্লীৰ পৰা ৰেলযোগে গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হোৱাৰ পাছত NFIRৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াক এম্প’লয়িজ ইউনিয়নৰ গুৱাহাটী শাখাৰ শাখা সম্পাদক অৰূপ কলিতাৰ নেতৃত্বত ইউনিয়নৰ কেবা শতাধিক কর্মীয়ে গামোছা, ফুলৰ থোপা, জাপিৰে বিপুল আদৰণি জনায়। তাৰ পাছত কর্মীসকলে মুনীন্দ্ৰ শইকীয়া জিন্দাবাদ, এন এফ আই আৰ জিন্দাবাদ, এন এফ ৰেলৱে এম্প’লয়িজ জিন্দাবাদ ধ্বনি দি ইউনিয়নৰ গুৱাহাটী শাখা কাৰ্যালয়লৈ এক বিশাল শোভাযাত্ৰাৰে তেওঁক আদৰি লৈ যোৱা হয়।
কাৰ্যালয় চৌহদত শাখা সভাপতি গুণেন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত মুনীন্দ্ৰ শইকীয়াই তেওঁ সৰ্বভাৰতীয় ৰেলৱে ট্ৰেড ইউনিয়নৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱাৰ ক্ষেত্ৰত ইউনিয়নৰ সমূহ কর্মী – কৰ্মকৰ্তাৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেৰো শ্ৰমিক – কৰ্মচাৰী সকলৰ অৱদান আছে বুলি ব্যক্ত কৰি আগন্তক দিনত যাতে এম্প’লয়িজ ইউনিয়ন অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পাৰে তাৰ বাবে কাম কৰিবলৈ সকলোকে আহ্বান জনায়। সভাত ইউনিয়নৰ প্ৰচাৰ গোটৰ অধ্যক্ষ আৰু গুৱাহাটী শাখাৰ পৰ্যবেক্ষক নয়ন কুমাৰ বৰ্মন, ইউনিয়নৰ গুৱাহাটী শাখাৰ মহিলা গোটৰ সম্পাদিকা নমিতা দাস, যুৱ গোটৰ সম্পাদক দিব্যজ্যোতি হাজৰিকাকে ধৰি কেইবাজনেও চমু ভাষণত NFIRৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈ এম্প’লয়িজ ইউনিয়নলৈ গৌৰৱ কঢ়িয়াই অনা বাবে মুনীন্দ্ৰ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ নেতৃত্বত এম্প’লয়িজ ইউনিয়নৰ সংগঠনিক দিশ আগতকৈ শক্তিশালী হোৱা বুলি সদৰি কৰে।