গুৱাহাটীঃ গুৱাহাটীৰ নুনমাটিৰ এখন দোকানৰ সন্মুখত হোৱা হত্যাকাণ্ডই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।নুনমাটিস্থিত আৰমাণ্ড হোম ফাৰ্নিছিং নামৰ দোকান খনৰ সন্মুখত ডিঙি ৰেপি হত্যা কৰে ঋতুপৰ্ণ পেগুক।ইতিমধ্যে মুল অভিযুক্ত হুছেইন আলী সহ ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।আৰক্ষীয়ে হত্যাকাণ্ডৰ মূল অভিযুক্ত হুছেইন আলী, দুলাল আলী, ইব্ৰাহিম আলী আৰু মনোৱাৰা বেগমক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ড সংঘটিত হোৱা দোকানখনৰ স্বত্বাধিকাৰী আৰমান আলীকো গ্ৰেপ্তাৰ কৰিছে। নুনমাটি হাইস্কুলৰ সন্মুখত থকা আৰমান হোম ফাৰ্নিছিং নামৰ দোকানখনৰ সন্মুখতে সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।জানিব পৰা মতে ঋতুপৰ্ণ পেগু আৰমান হোম ফাৰ্নিছিং দোকানখনত কিছুমাহ পূৰ্বে কৰ্মৰত আছিল। উল্লেখ্য, নুনমাটি আৰক্ষীয়ে ইতিমধ্যে ২৯৪/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৮/১৪৯/৩০২ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইফালে নুনমাটিত সংঘটিত ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাক অৰ্পণ কৰিছে।
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট