নিউজ ডেক্সঃ গুৱাহাটীৰ চন্দ্ৰপুৰ হাজোংবড়ীত থকা বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সন্দৰ্ভত এক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে।
অহা ৮ জানুৱাৰী তাৰিখে শিশু শিক্ষা সমিতি, অসমৰ উদ্যোগত আয়োজন কৰা হৈছে এই আলোচনা চক্ৰৰ৷
কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৩ বছৰৰ পৰা ৬ বছৰৰ অনুৰ্ধৰ শিশুসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে বিদ্যা ভাৰতীয়ে প্ৰৱৰ্তন কৰা শিশু বাটিকা পাঠ্যক্ৰমৰ এক প্ৰদৰ্শনী তথা এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে।
লগতে সমিতিৰ অন্তৰ্গত শংকৰদেৱ শিশু/ বিদ্যা নিকেতনসমূহৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে অসম প্ৰশাসনিক সেৱা পৰীক্ষাত (APSC) কৃতকাৰ্যতা অৰ্জন কৰিছে তেওঁলোকক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব।
অসমৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষা সচিব বি কল্যাণ চক্ৰৱৰ্তীও উপস্থিত থাকিব অনুষ্ঠানত ৷
সন্মিলনখনত সকলোৰে উপস্থিতি কামনা কৰিছে শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে৷
এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জানিবলৈ দিয়ে সাধাৰণ সম্পাদক গৰাকীয়ে।