আগন্তুক ২১ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৪৩ সংখ্যক বেলতলা বহাগী উৎসৱ গুৱাহাটীৰ বেলতলা বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হ’ব। দেওবাৰে বেলতলা বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰি কৰে ৪৩ সংখ্যক বেলতলা ব’হাগী উৎসৱ সমিতিৰ সভাপতি ৰাতুল বৰুৱাই। তেওঁ লগতে কয়, ক’ভিড পৰিস্থিতিৰ বাবে বিগত দুবছৰ পাছত এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৩ সংখ্যক বেলতলা ব’হাগী উৎসৱৰ আয়োজন কৰা হৈছে। ২০১২ চনৰ পৰা প্ৰদান কৰি অহা ‘ড০ ভূপেন হাজৰিকা বঁটা’ এইবাৰ বিশিষ্ট শিল্পী ময়ুখ হাজৰিকাক ২৩ এপ্ৰিলত বেলতলা ব’হাগী উৎসৱৰ মঞ্চত প্ৰদান কৰা হ’ব। এই বঁটাত আছে নগদ ধন দুই লাখ টকা, ড০ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি, প্ৰশস্তি পত্ৰ, আদি।
আনহাতে ২১ এপ্ৰিলৰ সন্ধিয়া হুঁচৰি, পাটমাদৈ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। পাটমাদৈ প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীসকলে অসমৰ বিভিন্ন মঞ্চত বিহুৰাণী, বৰ বিহুৱতী ,বিহু সম্ৰাজ্ঞীৰ খিতাপ অর্জন কৰা নাচনীসকলেহে অংশগ্ৰহণ কৰিব পাৰিব। পাটমাদৈ প্ৰতিযোগিতাৰ বিজয়ীয়ে নগদ ধন দুই লাখ টকা, প্ৰশস্তি পত্ৰ, স্মাৰক আদি লাভ কৰিব। সেইদৰে বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ সোঁৱাৰণত অনুষ্ঠিত হোৱা লোকগীতৰ প্ৰতিযোগিতাৰ বিজয়ী চুমী ডেকাক ৫০ হাজাৰ টকা, মানপত্ৰ আদিৰে সিদিনা বঁটা প্ৰদান কৰা হ’ব লগতে জনপ্ৰিয় কন্ঠশিল্পী শংকুৰাজ কোঁৱৰে গীতৰ শৰাই আগবঢ়াব।
সেইদৰে ২২ এপ্ৰিলত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্রিয় শিল্পী জুবিন গাৰ্গে অনুষ্ঠান পৰিবেশন কৰিব। সেইদৰে ২৩ এপ্ৰিলত সন্ধিয়া বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে ড০ ভূপেন হাজৰিকা বঁটা আৰু পাটমাদৈ বঁটা ২০২২ প্ৰদান কৰা হব’। পাটমাদৈ আৰু হুঁচৰি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ ২০ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ ভিতৰত বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিৰ কাৰ্যালয় অথবা ৭০০২৮-৯৩৫৮৭, ৯৮৬৪৬-০৬৬৩২ আৰু ৬৯০০২-১১১৭৫ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। সন্ধিয়া জনপ্ৰিয় শিল্পী অংগৰাগ (পাপন) মহন্তই সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব।
তদুপৰি ২১ এপ্ৰিলত দিনৰ ভাগত কণ কণ লৰা ছোৱালীৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব আৰু ২২ এপ্ৰিলৰ সন্ধিয়া খেল-ধেমালিৰ বঁটা বিতৰণ কৰা হ’ব। এই উৎসৱ সফল কৰি তুলিবলৈ আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ।’ সংবাদ মেলত সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়ো, উপ-সভাপতি বিচিত্ৰ বড়ো সাধাৰণ সম্পাদক সঞ্জয় গোস্বামী, সাংস্কৃতিক বিভাগৰ সভাপতি জয়ন্ত গগৈ, সম্পাদক ড০ দিলীপ মহন্ত, প্রচাৰ বিভাগৰ সভাপতি বিশ্বজিৎ মেধি, সম্পাদক চন্দন কুমাৰ শইকীয়াৰ লগতে সমিতিৰ অন্যান্য বিষয়-ববীয়া উপস্থিত থাকে।