নিউজ ডেস্কঃ পিয়াজ,আলু,শাক-পাঁচলিকে ধৰি সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অতিপাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু মূল্য নিয়ন্ত্ৰণৰ দাবীত আজি চি পি আই (এম) কামৰূপ জিলা মহানগৰ সমিতিয়ে বিক্ষোভ সমাবেশ কাৰ্যসূচী গ্ৰহণ কৰে। গুৱাহাটী ক্লাবত বামপন্থী ৰাজনৈতিক দলটোৰ শতাধিক সদস্যই হাতত শ্লোগান সম্বলিত প্লে’ কাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগান দিয়ে। লগতে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ উপৰিও ক’ভিডজনিত পৰিস্থিতি আৰু দীৰ্ঘকালীন লক ডাউনৰ ফলত জনসাধাৰণৰ জীৱন জীৱিকা বিপৰ্যস্ত হোৱা বুলি প্ৰতিবাদীসকলে মন্তব্য কৰে।আনহাতে ৰাজ্য চৰকাৰেও মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী নীতিৰ বিৰুদ্ধে সকলোকে সজাগ হবলৈ আহ্বান জনায় বামপন্থী দলটোৱে।