হেডলাইন৮ বিশেষঃ দুভৰিত ফুটবল৷ এটা সময়ত খেলপথাৰৰ পৰা সেউজীয়া সপোন ৰচিছিল তেওঁ৷ ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হোৱা এই গৰাকী প্ৰতিভাৱান খেলুৱৈৰ নাম হ’ল ৰাহাজুদ্দিন আহমেদ৷ এথলেটিকছৰ পৰা ফুটবলৰ পথাৰত দপদপাই থকা এই ৰাহাজুদ্দিনৰ চকুত এতিয়া চকুপানী৷ খেলপথাৰৰ পৰা সেউজীয়া সপোন দেখা ৰাহাজুদ্দিনে এতিয়া মহানগৰীৰ পথৰ দাঁতিত বিক্ৰী কৰিবলগীয়া হৈছে শাক-পাচলি৷ শাক-পাচলি বিক্ৰী নকৰিলে তেওঁৰ ঘৰ নচলে৷
গুৱাহাটীৰ বিখ্যাত ক্লাৱ মহাৰাণা, বিদ্যুৎ পৰিষদ, জুৱেল ষ্টাৰ দলৰ হৈ বৰদলৈ ট্ৰফী, সন্তোষ ট্ৰফী খেলিবলৈ সুযোগ পোৱাৰ লগতে এখনৰ পিছত সিখন খেলত গল দি জয়ৰ সোৱাদ দিছিল এই ৰাহাজুদ্দিনে৷
পৌৰ নিগমৰ চাফাই কৰ্মী হিচাপে নিযুক্তি পাইছিল এই প্ৰতিভাৱান খেলুৱৈজনে৷ কিন্তু লকডাউনে বহুতৰ জীৱনলৈ অমানিশা নমাই অনাৰ বাবে চাকৰিটো হেৰুৱাবলগীয়া হোৱাত অসহায়, নিৰূপায় হৈ পৰিছিল ৰাহাজুদ্দিন৷
অভাৱ-অনাটনৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱত পত্নীকো হেৰুৱাবলগীয়া হোৱা ৰাহাজুদ্দিনৰ সংসাৰত আছে দুটি সন্তান৷
অৱশ্যে সংবাদ মাধ্যমত ফুটবলাৰজনৰ বাতৰি পৰিবেশন হোৱাৰ পিছতে গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ে তেওঁলৈ আগবঢ়াইছে দুবেলা-দুমুঠিৰ বাবে এটা সংস্থাপন৷
হেডলাইন৮ তৰফৰ পৰা এক বিশেষ প্ৰতিবেদন