নিউজ ডেস্কঃ মহানগৰীৰ নিউ গুৱাহাটী ৰে’লৱে ষ্টেচনৰ সমীপত ৰে’ল চালক অভিজিত আনন্দ (৩২)ক নৃশংসভাৱে হত্যা কৰি ঘাঁহ–বনেৰে ঢ়াকি থোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে পুৱা এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰে’ল কর্মচাৰীসকলে ৰে’ল আৰক্ষী আৰু প্রশাসনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্রতিবাদ সাব্যস্ত কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিউ গুৱাহাটীৰ ৰে’ল কাৰখানাৰ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ চালক তথা নুনমাটি শংকৰ নগৰৰ বাসিন্দা অভিজিত আনন্দে কালি নিশা ৯.৩০ বজাত কার্যালয়লৈ আহে৷ কিন্তু অভিজিতে কর্তব্যত যোগদান কৰা নাছিল৷ বৃহস্পতিবাৰে পুৱা সতীর্থ কর্মচাৰীয়ে কার্যালয়লৈ যোৱা পথৰ কাষৰ ঘাঁহবোৰ পৰি থকাত সন্দেহবশতঃ কেইজনমান কর্মচাৰীয়ে ইয়াৰ উৎস বিচাৰি যায়৷ কর্মচাৰীসকলে ঘাঁহ–বনেৰে অভিজিতৰ মৃতদেহ ঢ়াকি থোৱা অৱস্থাত প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ দুষ্কৃতিকাৰীয়ে অভিজিতক ৰে’ল লাইনত নৃশংসভাৱে হত্যা কৰি মৃতদেহটো চোঁচৰাই আনি ঘাঁহ–বনেৰে ঢ়াকি থোৱা বুলি অভিযোগ উত্থাপন কৰিছে সতীর্থ কর্মচাৰীসকলে৷