• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱাই নিৰ্মাণ কৰা উদ্যানৰ গছ কটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক by নিউজ ডেস্ক
November 10, 2023
in গুৱাহাটী
1 min read
0
গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱাই নিৰ্মাণ কৰা উদ্যানৰ গছ কটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
Share on FacebookShare on Twitter

কৃষ্ণচূড়াৰ দেশ হিচাপে পৰিচিত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা গছ কটা কাৰ্যৰ যেন প্ৰতিযোগিতাহে চলিছে। অসম চৰকাৰে বন বিভাগৰ জৰিয়তে ৰাইজৰ মাজত পৰিবেশ সজাগতা সৃষ্টিৰ লক্ষ্যৰে চেপ্টেম্বৰ মাহত আৰম্ভ কৰিছিল অমৃত বৃক্ষ আন্দোলন। তাৰ বিপৰীতে উত্তৰ পূবৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হৈছে পৰিবেশ ধ্বংস আন্দোলন। এই আন্দোলনৰ প্ৰভাৱত বিগত মে মাহৰ পৰা ছয় মাহ ধৰি বিশ্ববিদ্যালয় চলি আছে অবাধে গছ কাটি পৰিৱেশ ধ্বংস কৰা হৈছে। কৰবাত যদি পথ নিৰ্মাণৰ নামত, আন কৰবাত আকৌ বিদ্যুৎ পৰিবাহী তাৰৰ নিৰাপত্তাৰ নামত গছ কটা হৈছে। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হল প্ৰশাসনিক ভবনৰ লগতে নিৰ্মাণ কৰি থকা এটা তিনি মহলীয়া অট্টালিকাত নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰজনে তাত গৃহ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী সৰবৰাহ কৰাৰ নামত সন্মুখৰ উদ্যানখনত গোটেই গছ কাটি পেলোৱাক লৈ বিশ্ববিদ্যালয় চৌহদত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী সচিব, পণ্ডিত প্ৰবৰ অধ্যাপক ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাই নিজে আগভাগ লৈ স্থাপন কৰা উদ্যানৰ ৮০ শতাংশৰো অধিক গছ কটা হৈছে বিগত চাৰি – পাঁচ মাহত। যত অধ্যাপক ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাই উদ্যানখনত নিজ হাতে ৰোপন কৰা মূল্যৱান চন্দন গছৰ লগতে লগতে কৃষ্ণচূড়াসহ প্ৰায় কুৰিজোপা বিভিন্ন প্ৰজাতিৰ গছ কাটি পেলোৱা হৈছে।

জানিব পৰা মতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যাল়য়ৰ বাবে বিগত প্ৰায় ডেৰ বছৰ ধৰি নতুনকৈ এটা তিনি মহলীয়া অট্টালিকা নিৰ্মাণ কৰি থকা হৈছে। নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ জনে প্ৰথম অৱস্থাত প্ৰশাসনিক ভৱনৰ সন্মুখৰে থকা মূল পথ চোৱাৰে ট্ৰাক, ডাম্পাৰ বা আন বাহনৰে সামগ্ৰী সমূহ সৰবৰাহ কৰি আহিছিল। কিন্তু পৰৱৰ্তী সময়ত ঠিকাদাৰ জনে নিজৰ বাহন পোনপটীয়াকৈ অহা-যোৱাৰ সুবিধাৰ বাবে প্ৰশাসনিক ভৱনৰ সীমাৰ দেৱাল ভাঙি নতুনকৈ এটা অস্থায়ী পথ উলিয়াই লয়। মাত্ৰ পাঁচ মিনিটমান সময় বচাবৰ বাবেই ঠিকাদাৰজনে খেয়াল খুচি মতে এখন উদ্যান ধ্বংস কৰি বহু মূল্যবান গছ কাটি পথ মোকোলোৱাক লৈ স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ বাবে বিশ্ববিদ্যালয়ৰ সচেতন নাগৰিক সমাজে এইক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপালক হস্তক্ষেপ কামনা কৰিছে। উল্লেখযোগ্য যে প্ৰায় ছয়মাহ পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিয়েদি সুন্দৰবৰীলৈকে প্ৰায় এক কিল’মিটাৰ অংশত চৌহদৰ ভিতৰৰে নতুনকৈ এটা পথ নিৰ্মাণৰ বাবে প্ৰায় ৩০ জোপাতকৈ অধিক মূল্যৱান গছ কাটি পেলোৱাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আনকি ইয়াৰে কেইবাজোপা গছ বিশ্ববিদ্যালয় স্থাপনৰ সময়তে ৰোপণ কৰা হৈছিল। এই সন্দৰ্ভত প্রকৃতিপ্রেমী লোকসকলে সদৰী কৰা অনুসৰি উন্নয়নমূলক কামত বা পথ নিৰ্মাণৰ নামত গছ-গছনি কাটিবলগীয়া হোৱাটো নতুন কথা নহয়। কিন্তু পৰিৱেশ সংৰক্ষণৰ বাবে এডাল গছ কটাৰ পূৰ্বে দহজোপা গছ ৰোপণ কৰিব লাগে। আনকি দৰকাৰ হ’লৈ গছ নকটাকৈয়ে পথ নিৰ্মাণ কৰিব পাৰি নেকি সেই কার্যতহে অধিক মনোনিৱেশ কৰিব লাগে। কিন্তু অমৃত বৃক্ষ আন্দোলন চলি থকাৰ সময়তে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত এনে ধৰণৰ গছ কাটি উদ্যান ধ্বংস কৰা কাৰ্যক চৌহদৰ আবাসী সকলে কোনোৱে সহজ ভাবে লোৱা নাই।

Previous Post

জোনাইত বিশাল গণ সমাৱেশত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

Next Post

দীপৰ বিলত বনকৰ্মীৰ তৎপৰতাত পুনৰ ৰেলৰ খুন্দাৰ ৰক্ষা পৰিল পোৱালীসহ এটা হাতীৰ জাক

Related Posts

সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন
সংবাদ

সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন

November 25, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
বিশ্বনাথৰ কাঠনিবাৰীৰ ধৰ্ষণ কাণ্ডঃ অপৰাধীক কঠোৰ শাস্তিৰ দাবী গোৰ্খা ছাত্ৰ সন্থাৰ
সংবাদ

মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী

November 20, 2023
১৭ নবেম্বৰৰ পৰা দীপৰ বিলত ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল উদযাপনৰ প্ৰস্তুতি
সংবাদ

১৭ নবেম্বৰৰ পৰা দীপৰ বিলত ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল উদযাপনৰ প্ৰস্তুতি

November 16, 2023
Next Post
দীপৰ বিলত বনকৰ্মীৰ তৎপৰতাত পুনৰ ৰেলৰ খুন্দাৰ ৰক্ষা পৰিল পোৱালীসহ এটা হাতীৰ জাক

দীপৰ বিলত বনকৰ্মীৰ তৎপৰতাত পুনৰ ৰেলৰ খুন্দাৰ ৰক্ষা পৰিল পোৱালীসহ এটা হাতীৰ জাক

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

ডেম্পৰ ঠেলাত উদ্ধাৰ মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ চাইকেল!

ডেম্পৰ ঠেলাত উদ্ধাৰ মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ চাইকেল!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8