নিউজ ডেস্কঃ ১০ নৱেম্বৰ ২০২০ তাৰিখে নিশা ১২.৩০ মিনিটত কাহিলিপাৰা লখৰা সংযোগী দক্ষিণ গাওঁ পথত এখন আই টেন গাড়ীয়ে ডিভাইডাৰত খুন্দিওৱাৰ ফলত জ্বলি চাৰখাৰ হয় গাড়ী খন। AS 01 BQ 9607 নম্বৰৰ বাহনখনৰ গৰাকীজনে কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় । আঘাতপ্ৰাপ্ত লোকজন বৰ্তমান হায়াট চিকিৎসালয়ত ভৰ্তি হৈ আছে। স্থানীয় ৰাইজে দাবী কৰিছে যে নৱ নিৰ্মিত ৰাস্তাটোত স্পীদ ব্ৰেকাৰৰ প্ৰয়োজন আছিল যদিও নিদিয়াৰ বাবেই দিনেক দিনে বৃদ্ধি পাবলৈ লৈছে কাহিলিপাৰা দক্ষিণগাঁৱত দুৰ্ঘটনা।