নিউজ ডেস্কঃ মহানগৰীৰ ছয়মাইল আৰু বেলতলা বজাৰত ব্যৱসায়ীসকলৰ পৰা ডাবি–ধমকিৰে গুণ্ডাকৰ সংগ্রহ কৰাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে আৰক্ষী প্রশাসনে৷ কাইলৈৰ পৰা ছয়মাইল উৰণীয়া সেতুৰ তলৰ বজাৰ আৰু বেলতলা বজাৰত লেচীয়ে ব্যৱসায়ীৰ পৰা অধিক ধন সংগ্রহ কৰিব নোৱাৰিব৷ পৌৰ নিগমৰ নির্ধাৰিত মাচুলতকৈ অধিক ধন সংগ্রহ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব আৰক্ষীয়ে৷ আজি দিছপুৰত ডিচিপি গৌতম বৰাৰ পথ ব্যৱসায়ীসকলৰে হোৱা এক বৈঠকৰ পিছত দিছপুৰ আৰক্ষীয়ে এই কথা সদৰী কৰে৷