নিউজ ডেস্কঃ গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পত যথেষ্ট আসোঁৱাহ থকাৰ তথ্য ধৰা পেলাইছে চৈয়দ আব্দুল্লাহ আল আমান নামৰ সচেতন নাগৰিক জনে৷ এই আসোঁৱাহ সমুহক লৈ উচ্চ ন্যায়ালয়ত আনকি ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনো দাখিল কৰা হৈছে । গুৱাহাটী স্মাৰ্ট চিটী আঁচনিৰ অধীনত মহানগৰীত ৰূপায়িত হ’বলগীয়া “System Integrator for Implementation of Integrated Command and Control Centre, ITMS and City Surveillance System ৰ বাবে ই-টেণ্ডাৰযোগে বিচৰা নিবিদাৰ প্র-পত্ৰ ও বিৱৰণীত বিভিন্ন ত্ৰুটি তথা আঁসোৱাহ সন্নিবিষ্ট হোৱাৰ তথ্য ধৰা পেলাই উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছে চৈয়দ আব্দুল্লাহ আল আমান । আমানে জানিবলৈ দিয়া মতে বানপানী সমস্যা বা ভূমিৰ গুণগত মানদণ্ড পৰ্যালোচনা নোহোৱা বিষয়বোৰে প্ৰকল্পটোৰ ক্ষতি কৰাৰ যথেষ্ট সম্ভাৱনাই আছে । ৪২/২০২০ যোগে দিয়া এই আবেদনৰ জৰিয়তে আবেদনকাৰীয়ে উক্ত নিবিদাত সন্নিবিষ্ট জনস্বাৰ্থ বিঘ্নিত হ’ব পৰা কিছু দিশৰ ওপৰত বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়ায়। আনহাতে ৪০০ কোটি টকাৰ বৃহৎ পৰিমাণৰ পুঁজি আবন্টন পোৱাৰ পাছতো স্মাৰ্ট চিটিৰ কাৰ্য্য ৰূপায়ণৰ গতি অধিক মন্থৰ হোৱাৰ বাবে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্প কৰ্তৃপক্ষক গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ্য্য প্ৰণালী সংশোধন ও উন্নীতকৰণৰ বাবে পূৰ্বতেও নিৰ্দেশনা জাৰি কৰিছিল । এই ক্ষেত্ৰত কৰ্তৃপক্ষৰ পৰা কোনো সঠিক উত্তৰ নোপোৱাত আব্দুল্লাহ আল আমানে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছে গুৱাহাটী উচ্চ ন্যায়লয়ত । ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে আবেদনখন অতি জৰুৰীভাবে বিবেচনা কৰি ন্যায়ালয়ৰ পঞ্জীয়কক শীঘ্ৰে শুনানিৰ দিন ধাৰ্য কৰিবলৈ নিৰ্দেশ দিব বুলি আশা প্ৰকাশ কৰিছে আবেদনকাৰীয়ে ।
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট