নিউজ ডেস্কঃ শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেলত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে হৈ যোৱা বিধানসভা অধিৱেশনত কোৰোণাক লৈ কোনো এগৰাকী সদস্যই বিশেষ প্ৰশ্ন নকৰিলে বা ডিভাইচ নানিলে বুলি আক্ষেপ কৰে।
যদিও ৰাজ্যত কোৰোণাৰ প্ৰকোপ বাঢ়িছে তথাপিও কোনো ধৰণৰ ল’ক ডাউন বলৱত্ কৰাৰ সম্ভাৱনা নাই ৰাজ্যত। এই সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে, ভাৰত চৰকাৰৰ মতে এতিয়া আৰু কোনেও ল’ক ডাউন দিব নোৱাৰিব ৷ ল’ক ডাউন দিব লাগিলে কেন্দ্ৰৰ অনুমতি লব লাগিব।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে মাস্ক নিপিন্ধিলে পাঁচশ টকাৰ জৰিমনা বিহিবলৈ নিৰ্দেশ দিছে ৷ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে ৷ তাক আমি কাৰ্যকৰী কৰিব লাগিব ৷ কাইলৈ আমি এই বিষয়ে আলোচনা কৰিম।