গুৱাহাটীঃ গুৱাহাটীত ভয়াৱহ ভাৱে বৃদ্ধি হোৱা ক’ৰোনা আক্ৰান্তৰ সংখ্যাই আতংকৰ সৃষ্টি কৰাৰ সময়তে সম্পূৰ্ণ ১৪দিনৰ বাবে গুৱাহাটী মহানগৰীত লক ডাউন ঘোষণা কৰা হৈছে। আজি অনুষ্ঠিত সংবাদমেলত এই ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লক ডাউনৰ প্ৰথম সপ্তাহ অত্যন্ত কঠোৰ হ’ব। বন্ধ হৈ থাকিব সকলো প্ৰতিষ্ঠান। গেলামালৰ দোকানকে ধৰি সুৰাৰ বিপণীও বন্ধ থাকিব। লক ডাউন চলি থকা গুৱাহাটীৰ ১১টা ৱাৰ্ডত পুৱা ১০ বজাৰ পৰা ৫ বজালৈ গেলামালৰ দোকানকে ধৰি বজাৰ খোলা দিছিল যদিও এই সময়ছোৱাত বন্ধ হৈ পৰিব সকলো দোকান-পোহাৰ।
অত্যাৱশ্যকীয় সামগ্ৰী, ফাৰ্মাচী, সংবাদ মাধ্যমকে ধৰি কিছু কিছু ক্ষেত্ৰত শিথিল হ’ব লক ডাউন। তেওঁ লগতে কয় যে এই ১৪ দিন লক ডাউন ভালকৈ মানিলে আমি পুনৰ ২ মাহলৈ ভালকৈ থাকিব পাৰিম।
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট