দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই ১৬ মাৰ্চত নতুন দিল্লীত এক সংবাদ মেল অনুষ্ঠিত কৰি লোকসভাৰ আগন্তুক সাধাৰণ নিৰ্বাচন আৰু কেইবাখনো ৰাজ্যৰ সাধাৰণ নিৰ্বাচন, উপ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছত দেশৰ আন ৰাজ্যৰ লগতে অসমতো নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে। তেনেদৰে আয়োগৰ নিৰ্দেশনা অনুসৰি নির্বাচনৰ কাম – কাজ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে জিলা প্রশাসন সমূহেও সাজু হব লগা হৈছে।
কামৰূপ মহানগৰ জিলা প্রশাসনে দেওবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত জিলা আযুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক সংবাদ মেলত ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ নির্বাচন সন্দৰ্ভত বিতং তথ্য দাঙি ধৰে জিলা আযুক্ত আৰু জিলা ৰিটাৰ্ণিং বিষয়া সুমিত চাট্টাৱানে। সংবাদ মেলত সুমিত ত্তাৱনে চাট্টাৱানে কয় গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ সংখ্যা হ’ল ১০ টা। ১০ টা বিধানসভা সমষ্টিৰ ২,১৮১ টা ভোটগ্রহণ কেন্দ্ৰৰ বিপৰীতে মুঠ ভোটাৰৰ সংখ্যা হ’ল ২০,১৯,৪৪৪ জন। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হ’ল ,- ৯,৯৩,২৬৮ জন আৰু মহিলা ভোটাৰৰ সংখ্যা হ’ল ১০,২৬,১১৮ জনী। তৃতীয় লিংগ ভোটাৰৰ সংখ্যা হ’ল ৫৮ জন। তেনেদৰে বিধানসভা সমষ্টি ভিত্তিত ভোটাৰ আৰু ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা এনে ধৰণৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১৩ নং গোৱালপাৰা পশ্চিমত ১৮৯ টা ভোটকেন্দ্ৰৰ বিপৰীতে ভোটাৰ হ’ল ১,৫৮,৩৪১ জন (পুরুষ ৭৮,৫০৩ জন, মহিলা ৭৯,৮৩৩ জনী আৰু তৃতীয় লিংগ ৫ জন) অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১৫ নং দুধনৈ সমষ্টিত ২২৩ টা ভোটকেন্দ্ৰৰ বিপৰীতে ভোটাৰ হ’ল ১,৭৫,৩৯৪ জন (পুৰুষ ৮৪,৯৭,৪ জন, মহিলা ৯০,৪১৯ জনী আৰু তৃতীয় লিংগ ১ জন)। ২৭ নং ছমৰীয়া সমষ্টিত ২৪৭ টা ভোটকেন্দ্ৰৰ বিপৰীতে ভোটাৰ হ’ল ২,৩৩,২১৮ জন (পুৰুষ ১,১৮,৬০৫ জন, মহিলা ১,১৪,৬০৬ জনী আৰু তৃতী লিংগ ৭ জন)। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ২৮ নং বকো, ছয়গাঁও সমষ্টিত ২৩৩ টা ভোটকেন্দ্ৰৰ বিপৰীতে ভোটাৰ হ’ল ১,৯৫,২৮২ জন (পুৰুষ ৯৬,৬৬৮ জন, মহিলা ৯৮,৬১১ জনী আৰু তৃতীয় লিংগ ৩ জন)। ২৯ নং পলাশবাৰী সমষ্টিত ২৬৩ টা ভোটকেন্দ্ৰৰ বিপৰীতে ভোটাৰ হ’ল ২,১৪,২১৪ জন (পুৰুষ ১,০৫২২২ জন, মহিলা ১,০৮৯৮৬ জনী আৰু তৃতীয় লিং ৬ জন)। ৩৩ নং দিছপুৰ সমষ্টিত ২১৫ টা ভোটকেন্দ্ৰৰ বিপৰীতে ভোচাৰ হ’ল ২,৩৮,১৪৮ জন (পুৰুষ ১,১৬,৪৫৭ জন, মহিলা ১,২১,৬৭৭ জনী আৰু তৃতীয় লিংগ ১৪ জন)।
অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৩৪ নং ডিমৰীয়া সমষ্টিত ২২৫ টা ভোটকেন্দ্ৰৰ বিপৰীতে ভোটাৰ হ’ল ২,১৬,৪৪৬ জন (পুৰুষ ১,০৫৮২৬ জনী আৰু তৃতীয় লিংগ ৫ জন)। ৩৫ নং নিউ গুৱাহাটীত ১৯৩ টা ভোটকেন্দ্ৰৰ বিপৰীতে ভোটাৰ ১,৯২,৫৫৩ জন (পুৰুষ ৯৩,৬৫১ জন, মহিলা ৯৮,৯৮৬ জনী আৰু তৃতীয় লিংগ ৬ জন)। ৩৬ নং গুৱাহাটী চেন্ট্রেলত ১৮৩ টা ভোটকেন্দ্ৰৰ বিপৰীতে ভোটাৰ হ’ল ২,৯৩,৯৭০ জন (পুৰুষ ৯৬,৪৯৪ জন, মহিলা ৯৭,৪৭০ জনী আৰু তৃতীয় লিংগ ৬ জন)। ৩৭ নং জালুকবাৰী সমষ্টিত ২১০টা ভোটকেন্দ্ৰৰ বিপৰীতে ভোটাৰ ২,০১৮৮১ জন (পুৰুষ ৯৬,৯৫৮ জন, মহিলা ১,০৪৯১৮ জনী আৰু তৃতীয় লিংগ ৫ জন)। তেনেদৰে এইবেলি ১৮ ৰ পৰা ১৯ বছৰৰ ভিতৰত ৯,৭০৮ জন নতুন ভোটাৰে ভোটদান কৰিব পাৰিব বুলি জিলা আয়ুক্ত তথা নিৰ্বাচনৰ ৰিটার্নিং বিষয়া সুমিত চাণ্ডাৱানে সদৰি কৰি জিলা প্রশাসন নির্বাচন সূচাৰুভাৱে পৰিচালনা কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে বুলি কয়। সংবাদ মেলত জিলা নির্বাচন বিষয়া শেখৰন ফুকন, মহকুমাধিপতি (সদৰ) কংকন শর্মাও উপস্থিত থাকে।