গণতান্ত্রিক কার্যাৱলী আৰু গণতন্ত্ৰৰ নীতিসমূহৰ ব্যৱহাৰিক প্ৰয়োগে ভাৰতীয় গণতন্ত্ৰক সুদৃঢ় আৰু শক্তিশালী কৰি ৰাখিছে। অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশন আৰু গুৱাহাটীস্থ ৰয়েল গ্লবেল বিশ্ববিদ্যালয়ৰ উদ্যোগত অষ্টম সংখ্যক বাৰৰ বাবে আয়োজন কৰা অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানৰ মূল বক্তব্য প্ৰদান কৰি দেশৰ প্রধানমন্ত্রী নরেন্দ্র মোদীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য ড : শৰ্মিকা ৰবিয়ে এইদৰে কয়। এ চেকুলাৰ ডেম’ক্ৰেচী ইন প্ৰেক্টিচ’ শীর্ষক বক্তৃতা প্রদান কৰি বিশিষ্ট অর্থনীতিবিদ ড° ৰবিয়ে কয় যে ভাৰতৰ দৰে এক বৃহৎ গণতন্ত্র আৰু সামাজিক-সাংস্কৃতিক-ভাষিক-ধর্মীয় বিচিত্ৰতাৰে পৰিপূৰ্ণ এখন বিশাল দেশৰ গণতান্ত্রিক কার্যকাৰিতাৰ প্ৰকৃত মূল্যায়ন কৰাটো অত্যন্ত জটিল আৰু কঠিন যদিও দেশখনত গণতান্ত্রিক নীতি-আদৰ্শৰ কাৰ্যকৰীকৰণে ভাৰতীয় গণতন্ত্ৰৰ শিপা সদায়েই শক্তিশালী কৰি ৰাখিছে। গণতন্ত্ৰৰ মূল নীতি-আদৰ্শসমূহৰ ৰূপায়ণৰ সমান্তৰাল ভাৱে অর্থনৈতিকভাৱে দুর্বল, সামাজিকভাৱে পিছপৰা বা সমাজৰ গুৰুত্বহীন শ্ৰেণীটোৰ আশা পূৰণ আৰু সন্তুষ্টিৰ ওপৰতহে আচলতে গণতন্ত্ৰৰ নিৰ্ভৰ কৰে বুলি উল্লেখ কৰি দেশৰ আগশাৰীৰ অৰ্থনীতিবিদ গৰাকীয়ে কয় যে ভাৰতীয় গণতন্ত্রক আৰু অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ’লে সমাজৰ দুৰ্বল অথবা পিছপৰা শ্ৰেণীৰ জনসাধাৰণৰ মত প্ৰতিষ্ঠা অথবা তেওঁলোকৰ আকাংক্ষা পূৰ্ণৰ ব্যৱস্থা কৰিবই লাগিব। দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰা ‘পলিচী অৱ চেচুচেন’ অথবা ‘সংপৃক্তকৰণ নীতি‘ৰ জৰিয়তে দেশত সকলো ধৰণৰ বৈষম্য আৰু দুৰ্নীতি নিৰ্মূলকৰণেৰে সমাজৰ অনুজসকলৰ কিছুমান মৌলিক প্রয়োজন যেনে খাদ্য, বিশুদ্ধ খোৱাপানী, শৌচাগাৰ, বিদ্যুৎ, ৰন্ধন গেছ, বেংক একাউণ্ট, ম’বাইল ফোন আদিৰ সুবিধা প্রদানে ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰি তোলাৰ লগতে ভাৰতীয় গণতন্ত্ৰৰ ধৰ্ম- নিরপেক্ষ চৰিত্ৰ পৰিস্ফুট কৰিছে বুলিও চিন্তাশীল লেখক-অর্থনীতিবিদ ড° শৰ্মিকা ৰবিয়ে মন্তব্য কৰে। ড : শৰ্মিকা ৰবিয়ে অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশ্বনৰ আন্তৰিক প্রয়াসৰ শলাগ লোৱাৰ লগতে যশস্বী শিক্ষাবিদ-লেখকগৰাকীৰ জীৱন, কৰ্ম আৰু আদর্শবাজিক নতুন চামৰ মাজত প্ৰতিষ্ঠা আৰু জনপ্ৰিয় কৰি তোলাত গুৰুত্ব আৰোপ কৰে।
উল্লেখ্য, অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশ্বনৰ সচিব, প্ৰয়াত অধ্যাপক গৰাকীৰ একমাত্ৰ কন্যা তথা অ’ পি জিন্দাল গ্লবেল বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° উপাসনা মহন্তই আঁত ধৰা উক্ত বক্তৃতানুষ্ঠানটি মাংগলিক বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য ড : শৰ্মিকা ৰবি আৰু অধ্যাপক শৰৎ মহন্তৰ সহধর্মিনী মীনা মহন্তই। মাংগলিক বাদ্য বাদনৰ গাম্ভীর্যতাৰ এফাকি প্ৰাৰ্থনাৰে অনুষ্ঠানটি আগবঢ়াই নিয়ে অসমৰ এগৰাকী প্ৰতিষ্ঠিত গায়িকা বিৰিণা পাঠকে। অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই। উদ্বোধনী ভাষণ প্ৰসংগত ৰাজ্যপাল কাটাৰীয়াই অধ্যাপক শৰৎ মহন্তক একেধাৰে এজন শিক্ষাবিদ, সাংবাদিক, চিন্তাশীল লেখক, সমাজকৰ্মী আৰু অসমৰ মানৱ অধিকাৰৰ ধাৰণা বিকাশৰ এগৰাকী অগ্ৰণী প্ৰৱক্তা আছিল বুলি অভিহিত কৰাৰ লগতে তেখেতৰ জীৱন, কৰ্ম আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায়েই এক অনুপ্ৰেৰণাৰ উৎস বুলি মন্তব্য কৰে। অধ্যাপক শৰৎ মহন্তৰ লক্ষ্য আৰু স্বপ্নক বাস্তবায়িত কৰাৰ উদ্দেশ্যে গঠিত অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশনে প্ৰতি বছৰে গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰি অহা বক্তৃতানুষ্ঠানসমূহে আর্থ-সামাজিক তথা শৈক্ষিক বৌদ্ধিক ক্ষেত্ৰসমূহত নতুন চিন্তা-চৰ্চাৰ বাট মুকলি কৰিছে বুলিও ৰাজ্যপাল কাটাৰীয়াই মন্তব্য কৰে। ৰাজ্যপালগৰাকীয়ে অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশনৰ নিৰৱচ্ছিন্ন বৌদ্ধিক প্রয়াসৰ শলাগ লোৱাৰ লগতে এনেধৰণৰ চিন্তা উদ্রেককাৰী বক্তৃতানুষ্ঠানে নতুন ধাৰণা, নতুন দৃষ্টিভংগী গঠনৰ সোপান ৰচনা কৰিব বুলিও আশা ব্যক্ত কৰে। অধ্যাপক শৰৎ মহন্তৰ সহধর্মিনী মীনা মহন্ত, ৰয়েল গ্ল’বেল ইনষ্টিটিউশন্ছৰ সঞ্চালক অংকুৰ পানচাৰী আৰু গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই সমল ব্যক্তি তথা অভ্যাগতসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়। প্রণিধানযোগ্য যে, মূল বক্তৃতানুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্য বক্তা ড° ৰবিৰ সৈতে হোৱা বিষয়নিষ্ঠ আলোচনা আৰু সুধীবৃন্দৰ প্ৰশ্নোত্তৰ অনুষ্ঠানে বক্তৃতানুষ্ঠানিটক অন্য এক মাত্ৰা প্ৰদান কৰে।
উল্লেখ্য, অনুষ্ঠানটিত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড: ননী গোপাল মহন্ত, পদ্মশ্ৰী কুশল শৰ্মা, অসম আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্র প্ৰতাপ সিং, অসামৰিক আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান কে পি সিং দেও, বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং, অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ, আৰক্ষী মহাপৰিদৰ্শক অৰবিন্দ কলিতাকে ধৰি কেবাজনো শীৰ্ষ আৰক্ষী বিষয়া , সাংসদদ্বয় কুইন ওজা আৰু পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত, বিধায়কদ্বয় দিগন্ত কলিতা আৰু ৰেকিবুদ্দিন আহমেদকে প্ৰমুখ্য কৰি অসম চৰকাৰৰ শীৰ্ষস্থানীয় কেবাগৰাকী বিষয়া তথা সমাজ জীৱনৰে একাত্মভাবে জড়িত যথেষ্টসংখ্যক বিশিষ্ট ব্যক্তি, প্ৰয়াত অধ্যাপক গৰাকীৰ জেষ্ঠ্য পুত্ৰ তথা অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত, বোৱাৰী তথা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰানী বৰুৱাকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য উপস্থিত থাকে।