অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ বিশেষ আঁচনিৰ আধাৰত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ বিভিন্ন অঞ্চলত কেইবাটাও আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা তিনিখন গাঁও পঞ্চায়তৰ তিনিটা কেন্দ্ৰ আজি উদ্ধোধন কৰা হয়। কেন্দ্ৰ তিনিটা হল ক্ৰমে – ৯২ নং সজ্জনপাৰা, ৭৪ নং বুল্লাৰপাৰ আৰু ৪ নং জংগৰাবৰী।
আনহাতে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশক্ৰমে কেন্দ্ৰ তিনিটা উদ্ধোধন কৰে ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া লালৰেম চিয়ামী গামলাই আৰু ৰাণী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া গুঞ্জলতা ৰাজবংশীয়ে। আনহাতে অনুষ্ঠানত ৰাণী উন্নয়ন খণ্ডৰ নিৰীক্ষণ আৰু তদাৰকী কমিটিৰ সদস্যদ্বয় সুভাষ শৰ্মা আৰু পৰেশ বৰুৱা, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, সহকাৰী সম্পাদকদ্বয় ৰুবুল বৈশ্য আৰু গৌতম কাকতিকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।