নিউজডেস্কঃ অনুবাদ সাহিত্যক অধিক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে সুৰেশ চন্দ্ৰ গোস্বামী ফাউণ্ডেচন শৈল্পিক দক্ষতাৰ পৃষ্ঠপোষকতা আঁচনিৰ অধীনত আগন্তুক বৰ্ষৰ পৰা দুটাকৈ অনুবাদ সাহিত্য বঁটা প্ৰদান কৰিব।বিগত তিনি বছৰৰ অন্য ভাষাৰ পৰা অসমীয়ালৈ অনুদিত বিচাৰকৰ দৃষ্টিত শ্ৰেষ্ঠ গ্ৰন্থখনলৈ এছ চি জি ফাউণ্ডেচন অনুবাদ বঁটা আৰু শিশু সাহিত্যত উদগনি যোগাবলৈ প্ৰদান কৰা হব এছ চি জি ফাউণ্ডেচন শিশু অনুবাদ বঁটা। বঁটা দুটা ২০২১ চনৰ আগষ্ট মাহত প্ৰদান কৰা হব।আজি ফাউণ্ডেচনৰ আহ্বায়ক দিগন্ত ওজা আৰু পার্থ প্ৰতীম গোস্বামীয়ে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত থকা গৌৰী সদনৰ এখন সংবাদমেলত এই কথা সদৰী কৰে।লগতে ফাউণ্ডেচনে মানৱ কল্যাণ বিকাশ,মানৱ সম্পদৰ উন্নয়ন আৰু শৈল্পিক দক্ষতাৰ পৃষ্ঠপোষকতাৰ বাবেও অভিযান আৰম্ভ কৰা বুলি জনায়।