পবিত্ৰ শাওণ মাহত ব’ল ব’মলৈ যোৱাৰ পথত ৰাজ্যৰ বিভিন্ন ঠাইত পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ দুৰ্ঘটনাত বহু লোক আহত হোৱাৰ লগতে নিহতও হৈছে। সেয়ে ব’ল ব’মৰ যাত্ৰাৰ সময়ত সম্পূৰ্ণ আধ্যাত্মিকতাৰ মাজেৰে যাত্ৰা কৰিবলৈ ব’ল ব’ম যাত্ৰী তথা ভক্তসকলৰ প্ৰতি সবিনয়ে আহ্বান জনাইছে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে। নিজৰ মনোবাঞ্ছা কামনা কৰি ব’ল ব’মলৈ যাত্ৰা কৰাৰ সময়ত কোনেও যাতে ৰাগীয়াল দ্ৰৱ্য সেৱন নকৰে আৰু বাহনত উচ্চ প্ৰাৱল্যৰ শব্দ-যন্ত্ৰ ব্যৱহাৰ কৰি পথৰ সুৰক্ষিত যাতায়াত ব্যাহত নকৰে তাৰ আহ্বান জনোৱা হৈছে।
তদুপৰি ভক্তপ্ৰাণ ৰাইজক সদায় পথৰ বাওঁহাতে শৃংখলাবদ্ধভাবে যাবলৈ কোৱাৰ লগতে ব’ল ব’মত ব্যৱহৃত বাহনে যাতে পথৰ আন বাহনক অসুবিধাত পেলাব নোৱাৰে তাৰবাবেও সতৰ্ক হ’ব লাগিব। ব’ল ব’ম যাত্ৰীক সদাশয় ব্যক্তি, স্বেচ্ছাসেৱী অনুষ্ঠানে পথত খোৱাপানী, লঘূ আহাৰ আদি বিতৰণ কৰা স্থানত গোটেই পথটো যাতে আবৰি নাৰাখে তাৰ প্ৰতিও মনোনিৱেশ কৰিবলৈ আহ্বান জনাই সকলোকে ধৈৰ্য আৰু সংযমেৰে পবিত্ৰ ব’ল ব’মৰ মাঙ্গলিক কাৰ্য সম্পন্ন কৰিবলৈ পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে আহ্বান জনাইছে।