যান-বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে বকেয়াসহ যাৱতীয় কৰ পৰিশোধৰ বাবে সমগ্ৰ ৰাজ্যজুৰি নিৰ্দ্ধাৰণ কৰি দিয়া সময়সীমা চমু চাপি অহাৰ লগে লগে অধিক জোৰদাৰ প্ৰচেষ্টাৰে অভিযানত নামিছে পৰিবহণ বিভাগ। বাৰম্বাৰ সকীয়নিৰ পিছতো কেৰেপ নকৰা সৰু-বৰ সকলো শ্ৰেণীৰ যানবাহনৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱা ৫ বজাতে মহানগৰীৰ সমীপৰ সোনাপুৰ অঞ্চলত তালাচী চলাই কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দল। ইয়াৰ পিছতেই অভিযানকাৰী দলটোৱে সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ উপস্থিতিত পূণৰ মহানগৰীৰ খানাপাৰা উৰণীয়া সেঁতুৰ সমীপত তালাচীত নামে ৷
জিলা পৰিবহণ বিষয়া (প্ৰবৰ্তক শাখা) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত যান-বাহন পৰিদৰ্শক দুৰ্গা গগৈ আৰু বলেন পাঠক, প্ৰবৰ্তক পৰিদৰ্শক নিতু চেতিয়া, গজেন হাজৰীকা আৰু মৰমী পাঠকৰ লগতে তেওঁলোকৰ সহযোগী দলে চলোৱা নিচিদ্ৰ অভিযানত নথিপত্ৰৰ গুৰুতৰ বিসঙ্গতিত ১০৪খন বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ৫খন বাহন ৰাজপথতে জব্দ কৰে। ইয়াৰে তিনিখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু দুখন ব্যৱসায়ীক বাহন। জব্দকৃত বাহনৰ বিপৰীতে আনসমূহ বাহনৰ বহুততে দীৰ্ঘদিন ধৰি চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰা, ফিটনেছ, বীমা, প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰ নথকাকে ধৰি বিভিন্ন অপৰাধত গোচৰ তৰি ঠিতাতে ই-চালান প্ৰেৰণ কৰি জৰিমনা বিহা হয়।
উল্লেখ্য যে, তালাচী অভিযানৰ উপৰি মহানগৰীৰ হাতীগাওঁ, সিজুবাৰী আদি ভিন ভিন অঞ্চলত কৰ অনাদায়ীৰ তথ্য হাতত লৈ অভিযানকাৰী দল বাহনৰ মালিক, নিৰ্মাণকাৰী সংস্থা, যান-বাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠানত উপস্থিত হৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰেই যান-বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে বকেয়াসহ যাৱতীয় কৰ পৰিশোধৰ বাবে আহ্বান জনায়। উল্লেখ্য যে, অভিযানৰ সময়চোৱাত যানবাহনৰ কৰ পৰিশোধ নকৰাসকলে আগন্তুক দিনত সন্মুখীন হ’বপৰা বিভিন্ন পৰিস্থিতি সন্দৰ্ভত অৱগত কৰি পৰিবহণ বিষয়া গৌতম দাসে বাহনৰ মালিকক শীঘ্ৰেই কৰ পৰিশোধ কৰি নিজৰ নিজৰ নৈতিক দায়িত্ব পালনৰ বাবে আহ্বান জনায়।