মহানগৰীৰ দক্ষিণ-পশ্চিম অঞ্চলৰ অন্যতম প্ৰধান তথা বিকল্প পথ হিচাপে পৰিচিত গড়চুকৰ পৰা দ্বীপৰ বিলৰ পাৰৰে চকৰ্দৈ হৈ আজাৰা-পাটগাঁও সংযোগী পথচোৱা মেৰামতি আৰু পুনঃনিৰ্মাণৰ অভাৱৰ বাবে যাতায়াতৰ অনুপযোগী হৈ পৰিছে । বিশেষকৈ পথচোৱাৰ দুয়ো ফালৰ দাঁতিত পানী পৰিবাহী নলা নিৰ্মাণ নকৰাৰ বাবে বৰষুণৰ পানীবোৰ কাষৰীয়া পাহাৰৰ পৰা নামি আহি পথৰ ওপৰত জমা হৈ থাকে। সেই পানীৰ ওপৰৰে ট্ৰাক, ডাম্পাৰকে ধৰি চলাচল কৰা যানবাহন সমূহৰ চকাৰ ঘৰ্ষণত আলকাটাৰা বা বিতুমিনৰ তৰপ এৰাই গৈ পথচোৱা বেছিভাগ ঠাইত অসংখ্য সৰু-বৰ পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈছে। আনকি সেই গাতত পৰি দৈনিক কেইবাজনো চাইকেল, মটৰ চাইকেল , ই – ৰিক্সাৰ চালক – আৰোহী দুৰ্ঘটনাত পতিত হৈ কম বেছি পৰিমাণে আহত হ’বলগীয়া হৈছে। ইফালে প্ৰায় ১৩ কি:মি: দৈৰ্ঘ্যৰ পথচোৱা কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক হেমন্ত তালুকদাৰৰ তৎপৰতাত ২০০৪ – ২০০৫ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰে কইনাধৰালৈ বিকল্প পথ হিচাপে নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ বাবে বৰ্তমানৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চৰম অৱহেলা কৰাৰ অভিযোগ কৰিছে অঞ্চলটোৰ একাংশ লোকে। কিয়নো বিধায়ক কলিতাই ২০১৬ চনত পঞ্চমবাৰৰ বাবে পশ্চিম গুৱাহাটীৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত বিগত চাৰি বছৰত সমষ্টিটোৰ চুকে কোনে বাট-পথ নিৰ্মাণ কৰি ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মাজতে গড়চুক-পাটগাঁও সংযোগী পথ চোৱা পানী পৰিবাহী নলাসহ কিয় বিধায়ক কলিতাই পুনঃনিৰ্মাণৰে যাতায়াতৰ উপযোগী কৰি তোলাৰ বাবে গড়কাপ্তানি বিভাগৰ জৰিয়তে তৎপৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে। ৰাইজে পথচোৱা অতি সোনকালে পুনঃনিৰ্মাণ কৰি যাতায়াতৰ উপযোগী কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আহ্বান জনাইছে।