গুৱাহাটী পৌৰ নিগমে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে ৱাৰ্ড সমূহত যাতায়াত ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে পথ নিৰ্মাণ কৰি আহিছে। এই কাৰ্যসূচীৰ অধীনত গুৱাহাটী পৌৰ নিগমৰ ৪৫ নম্বৰ ৱাৰ্ডত ভাগ নিগমৰ স্ব – অগ্ৰাধিকাৰ পুঁজিৰ ( SOPD) অধীনত নতুনকৈ নিৰ্মাণ কৰা দুটা পথ অলপতে উদ্ধোধন কৰা হয়। পথ দুটাৰ এটা হল পাটৰকুছিৰ শান্তি পথ আৰু আনটো হল বাক্ৰাপাৰাৰ প্ৰশান্তি পথ। মাংগলিক কাৰ্যৰ মাজেৰে পথ দুটা উদ্ধোধন কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু ৪৫ নম্বৰ ৱাৰ্ডৰ পাৰিষদ মাধবী তালুকদাৰে।
এই উপলক্ষে দুয়োটা স্থানতে শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত চমু অনুষ্ঠানত ভাষণ প্ৰসংগত মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটী পৌৰ নিগমে আগন্তুক দিনত গুৱাহাটীৰ আন ৱাৰ্ডৰ লগতে ৪৫ নম্বৰ ৱাৰ্ডৰ উন্নয়নৰ বাবে কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিছে তাৰ আলোকপাত কৰে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ দিছপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।