ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ৮ জুন তাৰিখে বিশ্ব মহাসাগৰ দিৱসৰ দিনা এক চাফাই অভিযানৰ আয়োজন কৰা হয়। ডব্লিউ ডব্লিউ এফ ইণ্ডিয়া, অৰ্থফুল ফাউণ্ডেচন, গুৱাহাটী বিশ্ববিদ্যালয় এন এছ কোষ, অসম ফৰেষ্ট স্কুল, অসম চাইকেলিং কমিউনিটি, টি আই এছ এছ যৌথ সহযোগত ডব্লিউ ডব্লিউ এফৰ স্বেচ্ছাসেৱক, সন্দিকৈ মহাবিদ্যালয়, এছ বি দেওৰা মহাবিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, মহাত্মা গান্ধী বিশ্ববিদ্যালয়, পিচিবিএৰ প্ৰচেষ্টা আৰু জিএমচিৰ সদস্যই এই অনুষ্ঠানত ভাগ লয়।
পুৱা ৭.৪৫ বজাৰ পৰা ডব্লিউ ডব্লিউ এফ টাইড টাৰ্ণাৰ্ছ প্লাষ্টিক চেলেঞ্জৰ বেনাৰত অনুষ্ঠান আৰম্ভ হয় যিটো বিশ্বৰ সৰ্ববৃহৎ যুৱ নেতৃত্বাধীন প্লাষ্টিক আন্দোলন। উদ্বোধন ভাষণত ডব্লিউ ডব্লিউ এফৰ ৰাজ্যিক সমন্বয়ক অৰ্চিতা বৰুৱা ভট্টাচাৰ্যই উৎসাহী অংশগ্ৰহণকাৰীসকলক অৱগত কৰে যে স্বচ্ছতা অভিযান ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ এক প্যান ইণ্ডিয়া অভিযান। অংশগ্ৰহণকাৰীসকলে এইবাৰৰ থিম প্লাষ্টিক প্ৰদূষণক পৰাস্ত কৰাৰ সৈতে সংগতি ৰাখি প্লাষ্টিক প্ৰদূষণৰ সমাধানৰ বাবে এক পদক্ষেপ হিচাপে “আমাৰ জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ কম কৰোঁ আহক” এই প্ৰতিশ্ৰুতি গ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যান সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে তেওঁৰ ভাষণত আমাৰ দেশৰ সকলো নাগৰিকক প্লাষ্টিক ব্যৱহাৰ পৰিহাৰ কৰি পৃথিৱী মাতৃক বচাবলৈ আহ্বান জনায়।
তদুপৰি প্লাষ্টিক ব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে প্ৰতিজন ব্যক্তিৰ ওচৰলৈ যাবলৈ গণ সজাগতাৰ প্ৰয়োজন। অনুষ্ঠানত উপস্থিত থাকে অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সদস্য সম্পাদক ড০ শান্তনু দত্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যান সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতি সন্দিকৈ ছোৱালী বমহাবিদ্যালয়ৰ অধ্যক্ষ, ড° ৰঞ্জিত শৰ্মা, এছ বি দেওৰা কলেজৰ ড° জামিনী বুঢ়াগোহাঁই, আৰু কৌশিক গুহ, চাইকেল আৰোহী সহ পৰিৱেশবিদে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে।
ডব্লিউ ডব্লিউ এফৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে সকলো অংশগ্ৰহণকাৰী, স্বেচ্ছাসেৱক, আৰু সংগঠনৰ প্ৰতি তেওঁলোকৰ সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। অঞ্চলটোৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ আৰু বহনক্ষম ভৱিষ্যত সৃষ্টিৰ বাবে এনে সহযোগিতামূলক প্ৰচেষ্টা অতি প্ৰয়োজনীয় বুলিও তেওঁ গুৰুত্ব আৰোপ কৰে। ব্যক্তি আৰু সম্প্ৰদায়সমূহক দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতি গ্ৰহণ কৰিবলৈ আৰু ইয়াৰ পৰিৱেশ প্ৰভাৱৰ প্ৰতি সচেতন হ’বলৈও তেওঁ আহ্বান জনায়।
আৱৰ্জনাসমূহ পৃথক কৰি ১০টা বেগত সংগ্ৰহ কৰি সঠিক নিষ্কাশনৰ বাবে জিএমচিক গতাই দিয়ে। আনুমানিক ১০০ কিলোগ্ৰাম ওজনৰ সংগ্ৰহ কৰা আৱৰ্জনাসমূহৰ আছিল প্লাষ্টিকৰ কেৰী বেগ, প্লাষ্টিকৰ ৰেপাৰ, প্লাষ্টিকৰ বটল, প্লাষ্টিকৰ ষ্ট্ৰ’, একক ব্যৱহাৰৰ প্লাষ্টিকৰ চামুচ আৰু একক ব্যৱহাৰৰ প্লাষ্টিক/বাটি আৰু মাস্ক। অংশগ্ৰহণকাৰীসকলে ব্ৰহ্মপুত্ৰত নিত্য বৃদ্ধি পোৱা প্লাষ্টিক প্ৰদূষণক লৈ উদ্বেগ প্ৰকাশ কৰে যি শেষত সাগৰত গৈ পৰে, সাগৰত জমা হোৱা এই প্লাষ্টিকবোৰে জলজ পৰিৱেশ তন্ত্ৰ আৰু ইয়াৰ বাসিন্দা জীৱৰ বাবে ভয়াৱহ ভাবুকি কঢ়িয়াই আনে,যিয়ে আমাৰ স্বাস্থ্য, খাদ্য সুৰক্ষা আৰু মাছমৰীয়াৰ জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে।