নিউজ ডেস্কঃ ৰঙা চীনৰ লগত ভাৰতৰ সীমাকেন্দ্ৰিক অৰিয়াঅঁৰি কেৱল সীমাতেই আৱদ্ধ হৈ নাথাকি চীনৰ সামগ্ৰী ব্যৱহাৰৰ বিৰোধিতাৰ দিশলৈও আগবাঢ়িছিল৷ ভাৰত চৰকাৰে প্ৰথমে চীনৰ ৫৯টা ম’বাইল এপ যি ভাৰতত সাংঘাটিত জনপ্ৰিয় আছিল, সেই এপৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছিল৷ জনসাধাৰণেও ভাৰত চৰকাৰৰ প্ৰতি সঁহাৰি জনাই উক্ত পদক্ষেপৰ প্ৰশংসা কৰিছিল৷
শেহতীয়াকৈ ভাৰত চৰকাৰে সেই ৫৯টা এপৰ পুনৰ ৪৭টা ক্ল’ন এপৰ ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰিছে৷ এই এপসমূহে নিয়ম আৰু তথ্যৰ উলংঘা কৰিছে বুলি চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে৷
বহুতে এয়া চীনৰ ওপৰত ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক বুলি মন্তব্য কৰিছে৷
47 more #ChineseApps banned in India following ban on 59 Chinese apps citing security issues pic.twitter.com/EVHwCAaD1a
— India TV (@indiatvnews) July 27, 2020
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট