নিউজ ডেস্ক – কুখ্যাত সন্ত্ৰাসবাদী হাফীজ ছয়ীদক ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে। ২০০৮ চনত মুম্বাইত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছয়ীদক এই শাস্তি বিহিছে পাকিস্তানৰ এখন আদালতে। জামাত-উড ডাৱাৰ মুৰব্বী হাফিজৰ বিৰুদ্ধে পাকিস্তান চৰকাৰে শেহতীয়াকৈ একাধিক গোচৰ ৰুজু কৰিছে।
আজি পাকিস্তানৰ লাহোৰস্থিত সন্ত্ৰাসবাদ বিৰোধী আদালতে হাফিজৰ লগতে আন চাৰি জন সন্ত্ৰাসবাদীক ১০ বছৰ ৬ মাহৰ কাৰাদণ্ড বিহে। হাফিজৰ লগতে জামাতৰ আন নেতাসকল ক্ৰমে জাফৰ ইকবাল,য়াহা মুজাহিদকো কাৰাদণ্ড বিহা হৈছে।
একেদৰে হাফিজৰ আত্মীয় ৰেহমান মাক্কিক ছমাহৰ কাৰাদণ্ড বিহা হয়। উল্লেখ্য শেহতীয়াকৈ সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া বাবে আমেৰিকাকে ধৰি বিশ্বৰ বহু কেই খন দেশে পাকিস্তানৰ বিৰুদ্ধে থিয় দিছে। পাকিস্তানক ইতিমধ্যে FATF ৰ গ্ৰে লিষ্টতো ৰখা হৈছে। এনে পৰিস্থিতিত বাধ্যত পৰি যোৱা বছৰৰ জুলাই মাহত পাক চৰকাৰে হাফিজক গ্ৰেপ্তাৰ কৰিছিল।