নিউজ ডেস্কঃ ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে বিশ্বত প্ৰথমবাৰৰ বাবে ইংলেণ্ডত সূচনা কৰা হ’ল ক’ৰোনা প্ৰতিষেধক অভিযান ৷ বিশ্বৰ আগশাৰীৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ফাইজাৰে প্ৰস্তুত কৰা ক’ৰোনা প্ৰতিষেধক মংগলবাৰে ৯০ বছৰীয়া মহিলা মাৰ্গাৰেট কীনানক প্ৰদান কৰে ৷ ক’ৰোনাৰ প্ৰতিষেধক লোৱা বিশ্বৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হয় মাৰ্গাৰেট কীনান । ৮ ডিচেম্বৰ মঙলবাৰে পুৱা ইংলেণ্ডৰ কোভেন্ট্ৰি বিশ্ববিদ্যালয়ৰ হাস্পতালত তেওঁক ফাইজাৰ এনএছই – ০.৩৩% ক’ভিড-১৯ প্ৰতিষেধক প্ৰদান কৰি ব্ৰিটেইনে ক’ভিড টিকাকৰণৰ বিশ্ব ইতিহাস ৰচনা কৰিলে ৷
উল্লেখ্য যে ইংলেণ্ডৰ প্ৰথম পৰ্যায়ত জ্যেষ্ঠ নাগৰিক আৰু স্বাস্থ্য কৰ্মীসকলক প্ৰদান কৰা হয় ৷