সম্প্ৰতি ধৰ্ষণে অস্থিৰ কৰিছে সমগ্ৰ বিশ্বক৷ ধৰ্ষণৰ বিৰুদ্ধে লোৱা কঠোৰ পদক্ষেপেও নাৰী ধৰ্ষণ কাণ্ড ৰোধ কৰিবলৈ সক্ষম হোৱা নাই কোনে দেশৰ চৰকাৰে।এইবাৰ বিশ্বৰএখন দেশে ধৰ্ষণ ৰোধৰ বাবে ধৰ্ষণকাৰীৰ বিৰুদ্ধে বলৱৎ কৰিবলৈ আগবাঢ়িছে এক নতুন আইন।এই আইনৰ যোগেদি ধৰ্ষণকাৰীক কাৰাবাস দি শাস্তি দিয়া নহ’ব। শাস্তি চিহাপে কৰা হ’ব ধৰ্ষণকাৰীৰ লিংগচ্ছেদ।ধৰ্ষণকাৰীৰ লিংগছেদনৰ দৰে অভূতপূৰ্ব শাস্তিৰ বলৱৎ কৰিবলৈ আইন প্ৰস্তুতৰ বাবে সাজু হোৱা দেশখন হৈছে পাকিস্তান। ইমৰাণ খানৰ চৰকাৰখনে দেশখনত এই নতুন আইন প্ৰণয়নৰ বাবে ইতিমধ্যে এখোজ আগবাঢ়িছে। ই সচাঁকৈ এক প্ৰসংশনীয় পদক্ষেপ পাকিস্থানৰ ৷মংগলবাৰে পাকিস্তানৰ ইমৰাণ খানৰ মন্ত্ৰী সভাই ধৰ্ষণ ৰোধৰ বাবে ৰাসায়নিক উপায়েৰে ধৰ্ষণকাৰীৰ লিংগচ্ছেদ কৰাৰ আইনত অনুমোদন জনাইছে। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইমৰাণ খানৰ মন্ত্ৰী সভাৰ অনেক মন্ত্ৰীয়ে ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডৰো পোষকতা কৰিছিল যদিও দেশখনৰ ধৰ্ষণকাৰীৰ লিংগছেদন বিলখন অতি শীঘ্ৰেই দেশৰ সংসদত উত্থাপন কৰা হ’ব বুলি দেশখনৰ আইনসভাৰ সদস্য জাভেদ খানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। অৱশ্যে এতিয়া লৈ এই সম্পৰ্কে চৰকাৰী ঘোষণা কৰা হোৱা নাই।লগতে দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই বিষয়টোক অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাতো চৰকাৰৰ প্ৰধান কৰ্তব্য বুলি প্ৰকাশ কৰিছে।
এই বিলখন অতি শীঘ্ৰেই সংসদত উত্থাপন কৰি আইনলৈ পৰিণত কৰি দেশখনত বলৱৎ কৰা হ’ব বুলিও প্ৰধানমন্ত্ৰী ইমৰাণ খানে মন্তব্য কৰে।উল্লেখ্য যে ২০১৮ চনৰ জানুৱাৰী মাহত পাকিস্তানৰ লোহাৰত এগৰাকী শিশুকন্যাক ধর্ষণ কৰি হত্যা কৰাৰ পিছৰে পৰা দেশখনত ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈ আহিছে। ২০২০ চনতো পাকিস্তানৰ ৰাৱালপিণ্ডিত এগৰাকী যুৱতীক গণধৰ্ষণৰ পিছত তিনি যুৱকে নগ্ন কৰি ৰাস্তাপথত খোজকঢ়াই নিছিল। এই জঘন্য কাণ্ডৰ পিছত ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন বলৱৎ কৰাৰ দাবী পাকিস্তানৰ সৰ্বত্ৰে উত্থাপন হয়।পাকিস্তান চৰকাৰে এই দাবীৰ ফলতে দেশখনত ধৰ্ষণকাৰী লিংগচ্ছেদ আইন প্ৰণয়নৰ বাবে পদক্ষেপ লোৱা বুলি ধাৰণা কৰা হৈছে।