পৃথিৱীৰ দিশে পুণৰ তীব্ৰগতিৰে আহি আছে এটা বিশাল আকাৰৰ গ্রহাণু। এই সপ্তাহৰ শেষতে তথা ২৯ নৱেম্বৰ,দেওঁবাৰে গ্রহাণুটোৱে পৃথিৱীৰ কাষৰে আঁতৰি যাব। আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই এই কথা সদৰী কৰা মতে দেওঁবাৰে ১৫৩২০১ ২০০০ ডব্লিউ অ’১০৭ নামৰ গ্রহাণুটোৱে দ্রুতবেগত আহি পৃথিৱীৰ কাষেৰেই দূৰলৈ আঁতৰি যাব। বিশ্বৰ দীর্ঘতম অট্টালিকা ডুবাইৰ গগনচমুম্বী বুর্জ খলিফাৰ দৈৰ্ঘৰ সম পর্যায়ৰ এই গ্রহাণুৰ ব্যাস হৈছে ০.৫১ কিলোমিটাৰ।
এই গ্রহাণুৰ গতিবেগ হৈছে প্রতি ঘণ্টাত ৫৬ হেজাৰ কিলোমিটাৰ।যদি গ্রহাণুটো পৃথিৱীৰ বায়ুমণ্ডলৰ মাজত সোমই পৰা হ’লে আমাৰ গ্ৰহ তথা সৌৰজগতৰ বাবে বিপদৰ সম্ভাৱনা আছিল ৷ কিন্তু নাছাই জনাইছে যে সেই সম্ভাৱনা প্রায় শূন্য দেখা গৈছে। ধাৰণা কৰা হৈছে যে দেওঁবাৰে নিশা ১ বাজি ৮ মিনিটত গ্রহাণুটোৱে পৃথিৱীৰ পৰা ৪৩ লাখ পাঁচ হেজাৰ ৭৭৫ কিলোমিটাৰ নিলগেৰে গুচি যাব। বিগত ২০০০ৰ ২৯ নৱেম্বৰত নিউ মেক্সিকোৰ এদল বিজ্ঞানীয়ে ইয়াক আৱিষ্কাৰ কৰিছিল।
আকাৰৰত ডাঙৰ হোৱা ফলত ইয়াৰ ওপৰত বিজ্ঞানীসকলে আৰম্ভণিৰ পৰাই বিশেষভাৱে দৃষ্টি ৰাখিছিল যদিও এই গ্ৰহাণুটোৰ পৰা কোনো অপকাৰ সাধন নহয় বুলি স্থাৱৰ কৰিছে নাছাই ৷
দৰাচলতে অতীতত বহুবাৰেই এনে গ্রহাণুৰ স’তে পৃথিৱীৰ সংঘৰ্ষৰ ফলত মানৱ সভ্যতা ধ্বংস হোৱাৰ বহুতো উদাহৰণ হৈ আছে।