এতিয়াও ন’ভেল ক’ৰোনা ভাইৰাছৰ সংহাৰী ৰূপ অব্যাহত আছে ৷ ক’ভিড-১৯-ৰ প্ৰতি লক্ষ্য ৰাখি
সকলো আন্তৰ্জাতিক বাণিজ্যিক যাত্ৰীবাহী বিমান এই বৰ্ষৰ ৩১ ডিচেম্বৰলৈ বন্ধ থাকিব ৷
২৬ নৱেম্বৰত ডিজিচিএ ( The Directorate General Of Civil Aviation) ৰে হোৱা এখন বৈঠকত কোৱা হয় যে ভাৰতৰ পৰা উৰা মৰা সকলো আন্তৰ্জাতিক বাণিজ্যিক যাত্ৰীবাহী বিমান ৩১ ডিচেম্বৰলৈকে স্থগিত থাকিব।
অৱশ্যে, ডিজিচিএ-য়ে কৰা এই নিষেধাজ্ঞা কাৰ্গো অপাৰেচনত প্ৰযোজ্য নহ’ব।