চাৰ্চ ইঞ্জিন জায়ান্ট গুগলে বৃহস্পতিবাৰে তেওঁৰ ৯৪তম জন্ম বাৰ্ষিকীত বসন্ত ৰোগ তথা চিকেনপক্সৰ বিৰুদ্ধে প্ৰথম ভেকছিন আৱিস্কাৰ কৰা ভাইৰোলজিষ্ট ডাঃ মিচিয়াকি তাকাহাচীক এক বিশেষ ডুডলৰ জৰিয়তে সন্মানিত কৰে।
টকিঅ’ৰ শিল্পী তাতচুৰো কিউচিৰ দ্বাৰা চিত্ৰিত, ৰঙীন ডুডলে দেখুৱাইছে যে কেনেদৰে জাপানী গৱেষকৰ ভেকছিনে শিশুৰ জীৱন ৰক্ষা কৰাত সহায় কৰিছিল আৰু সমগ্ৰ বিশ্বত চিকেনপক্স ৰোগীৰ সংখ্যা হ্ৰাস কৰিছিল।
ভেকছিন আৱিস্কাৰ হোৱাৰ পিছত, বিশ্বৰ লাখ লাখ শিশুক চিকেনপক্স ভেকছিন প্ৰদান কৰা হৈছিল। সংক্ৰামক ভাইৰেল ৰোগ আৰু ইয়াৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ই অতি কাৰ্যকৰী ব্যৱস্থা হিচাপে প্ৰমাণিত হৈছিল।
উল্লেখ্য যে, ১৯২৮ চনত ওচাকাত জন্মগ্ৰহণ কৰা ডাঃ তাকাহাছিয়ে ওচাকা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সম্পূৰ্ণ কৰে আৰু চিকিৎসা ডিগ্ৰী অৰ্জন কৰে। স্নাতক হোৱাৰ পিছত, তেওঁ ১৯৫৯ চনত বিশ্ববিদ্যালয়ৰ ৰিচাৰ্চ ইনষ্টিটিউট ফৰ মাইক্ৰ’বিয়েল ডিজিজ (আৰআইএমডি)ত যোগদান কৰে।
ডাঃ তাকাহাছিয়ে সৰু আই আৰু পলিঅ’ ভাইৰাছৰ বিষয়ে বহুতো পৰীক্ষা-নিৰীক্ষা কৰিছিল। ১৯৬৩ চনত তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাইলোৰ কলেজত গৱেষণা ফেলোশ্বিপ প্ৰদান কৰা হয়।