এক নতুন সফলতাৰ দিশত ভাৰত চৰকাৰ ৷ প্ৰায় ৫০,০০০ আয়ুষ্মান ভাৰত স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হব ভাৰতত ৷ আয়ুষ্মান ভাৰত আচঁনি স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত গৃহীত কৰা হৈছে ৷ মহামাৰী ক’ৰোনাক আগত ৰাখিয়েই এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷ ইয়াৰ জৰিয়তে প্ৰায় ২৫ কোটি লোকক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷
২০২২ চনৰ ডিচেম্বৰৰ ভিতৰত ৫০,০০০ কেন্দ্ৰ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰত চৰকাৰে ৷ ইতিমধ্যে তিনিভাগৰ এভাগ স্থাপন কৰা হৈছে ৷
উল্লেখ্য, ২০১৮ চনতেই প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু স্বাস্থ্য কেন্দ্ৰই এই আঁচনিৰ জৰিয়তে সম্পুৰ্ণ স্বাস্থ্য সেৱা আগত ৰাখি উক্ত আঁচনিৰ প্ৰণয়ন কৰিছিল ৷