নিউজ ডেস্কঃ ১৯৬৯ৰ পাছত ২০২০। ৫১ বছৰৰ দীর্ঘ সময়ৰ বিৰতিৰ পাছত চন্দ্রপৃষ্ঠত আন এখন দেশৰ জাতীয় পতাকা উত্তোলন কৰা হ’ল। প্রথমখন আছিল আমেৰিকা যুক্তৰাষ্ট্রৰ নামত, দ্বিতীয়খন উত্তোলন কৰিলে চীনে। চীনৰ মহাকাশযান চাংৱে-পাঁচৰ দ্বাৰা বৃহস্পতিবাৰে দেশখনৰ সময় অনুসৰি নিশা ১১ বাজি ১০ মিনিটত চন্দ্রপৃষ্ঠৰ পৰা নমুনা হিচাপে মাটি সংগ্রহ কৰি পৃথিৱীলৈ ওভতনি যাত্রা আৰম্ভ কৰিছে। এই নমুনা সংগ্রহৰ সময়তে মহাকাশযানখনৰ দ্বাৰা চন্দ্রপৃষ্ঠত চনৰ জাতীয় পতাকা উত্তোলন কৰা হয়। শুকুৰবাৰে চীনৰ ৰাষ্ট্রীয় মহাকাশ প্রশাসনে পতাকাখনৰ এখন ছবি প্রকাশ কৰিছে।
চন্দ্ৰৰ পৰা ১৯৭৫ত শেষৰটো নমুনা সংগ্রহ কৰি অনা হৈছিল। পূর্বৰ নমুনাতকৈ চীনে অনা এই নতুন নমুনাত যথেষ্টখিনি পার্থক্য থাকিব। চীনৰ এই অভিযানৰ দ্বাৰা চন্দ্ৰৰ নতুন দিশৰ সন্ধান লাভ কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে।