নিউজ ডেস্কঃ চীনৰ আদালতে এগৰাকী অর্থনীতিবিদক মৃত্যুদণ্ডৰ ৰায়ে দিয়া ঘটনাই কঁপাইছে সমগ্ৰ বিশ্বক ৷
দুর্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱা এইগৰাকী অর্থনীতিবিদৰ নাম হ’ল বিত্ত বিভাগৰ প্রাক্তন মুৰব্বী লাই ঝিয়াওমিন ৷
উল্লেখযোগ্য যে ঝিয়াওমিনক ২০১৮ চনত ২৮০ নিযুত ডলাৰ উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছিল ৷
হুৱাৰং এছেট মেনেজমেণ্টৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি থকা সময়ত এই বৃহৎ ধনৰাশি উৎকোচ হিচাপে গ্রহণ কৰিছিল লাই ঝিয়াওমিনে ৷
উল্লেখ্য, ৰাষ্ট্রপতি ঝি জিনপিঙে দেশখনত দুর্নীতিৰ বিৰুদ্ধে চলাই থকা অভিযানত লাইৰ বিৰুদ্ধে টিয়ানজিন চহৰৰ আদালতে বুধবাৰে মৃত্যুদণ্ডৰ ৰায় শুনাইছে ৷
অর্থনীতিবিদগৰাকীক এনেদৰে মৃত্যুদণ্ডৰ ৰায় শুনোৱাৰ পিছত বিশ্বৰ মানৱ অধিকাৰ সংগঠনসমূহে গভীৰ উদ্বেগ প্রকাশ কৰিছে ৷
হিউমেন ৰাইটছ ৱাটচে চীনৰ এই কার্যক এক অপৰাধ বুলিও অভিহিত কৰিছে ৷