নিউজ ডেস্কঃ শেহতীয়াকৈ উদ্ভৱ হোৱা ক’ৰোনাৰ ভাইৰাছৰ দ্বিতীয় প্ৰজন্মই সকলোকে আতংকিত কৰি তুলিছে৷ পুৰণি ভাইৰাছবিধতকৈও অধিক সংক্ৰামক এই ৰোগ বিধ দ্ৰুত গতিত সৰ্বত্ৰ বিয়পি পৰিছে৷ তাৰে পৰিপ্ৰেক্ষিতত ইংলেণ্ডলৈ ভাৰতকে ধৰি বহু কেইখন দেশে বিমান সেৱা বাতিল কৰিছে৷
সমস্যা কেৱল ইয়াতে ক্ষান্ত হোৱা নাই৷ জনসাধাৰণৰ মাজত ৰোগৰ আতংকৰ উপৰিও ভাৰতৰ শ্বেয়াৰ বজাৰত হোৱা খহনীয়াই ভূতৰ ওপৰতে দানহ পৰা দি পুনৰ বিপৰ্যস্ত কৰি তুলিছে জন সমাজ৷
ভাৰতৰ শ্বেয়াৰ বজাৰৰ প্ৰধান চালিকা শক্তি বেংক নিফটীত কালি হোৱা খহনীয়াই দেশৰ মূলধনী বজাৰত ব্যাপক লোকচানৰ সৃষ্টি কৰিছে৷ ক’ৰোনাৰ আতংকই আতংকিত কৰিছে শ্বেয়াৰ বজাৰকো৷ এই পৰিপ্ৰেক্ষিতত এইচডিএফচি বেংক, আইচিআইচিআই বেংকৰ অকলেই ১.৯৫ লাখ কোটি টকাৰ লোকচান হয়৷ কানাড়া বেংক, ফেডাৰেল বেংক, আৰবিএল বেংকো পিছ পৰি নাথাকিল৷ ইউৰোপত সৃষ্ট এই নতুন ক’ৰোনা আতংকৰ এটা ঢৌতে ভাৰতৰ শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীৰ ৭ লাখ কোটি টকা অন্তৰ্ধান হৈ পৰে৷ প্ৰায় ৫০০ৰো অধিক কোম্পানী অভাৱনীয় লোকচানৰ সন্মুখীন হয়৷
যিসময়ত দেশৰ অৰ্থনীতি ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ লৈ যোৱাৰ কথা কোৱা হৈছে, বিদেশী বিনিয়োগকাৰীক দেশত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে, সেই সময়তে ভাৰতৰ শ্বেয়াৰ বজাৰৰ এই নিম্নধাৰাই দেশৰ অৰ্থনীতিক কিদৰে পুনৰুজ্জীৱিত কৰি তুলিব পাৰিব তাকে লৈ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে৷