আমেৰিকাৰ কলোৰাডোত ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ পৰা কথমপি ৰক্ষা।
এখন বাণিজ্যিক বিমানৰ ইঞ্জিনত জুই লগাৰ বাবে বিমানখন জৰুৰীকালীন অৱতৰণ কৰোৱা হ’ল।
উল্লেখ্য যে ৰানৱে’ৰ পৰা উৰণৰ সময়তে বিমানখনৰ এটা ইঞ্জিনত লাগে জুই।
যাৰ ফলত বিমানখনত যথেষ্ট হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
ইফালে বিমানখনৰ পাইলটে নিজৰ বুদ্ধিমত্তাৰে বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰোৱায়।
বিমানখনত ক্ৰু মেম্বাৰসহ ২০০জন ইকতালীছ লোকে যাত্ৰা কৰিছিল।
দৰাচলতে দেওবাৰে আমেৰিকাত বোইং ৭৭৭ উৰণৰ পিছত এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল।
দুৰ্ঘটনাটোৰ বিষয়ে জানিবলৈ দি বিষয়াসকলে কয় যে টেকঅফৰ পিছতে বিমানখনৰ সোঁ ফালৰ ইঞ্জিনত জুই লাগে। যাৰ ফলত বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰোৱাব লগীয়া হ’ল।
Engine failure on Boeing 777 United aircraft. Plane took off from Denver and returned safely in 20 minutes. Engine parts fell soon after take off. Pilots flew the aircraft back safely. Look at the engine, it's hardly in shape. pic.twitter.com/gByQ9Sj85q
— Nagarjun Dwarakanath (@nagarjund) February 21, 2021
বিমানখনত থকা প্ৰতিগৰাকী যাত্ৰী আৰু ক্ৰু মেম্বাৰ সুৰক্ষিত।
তেওঁলোকে ক’লে যে বিমানখনে ডেনবৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা টেকঅফ কৰিছিল।
বিমানখনৰ ইঞ্জিনত জুই লগাৰ বাবে প্ৰায়ভাগ যাত্ৰীয়ে ভয় খাইছিল।
ইফালে এগৰাকী যাত্ৰীয়ে সেই সময়তে ইঞ্জিনত জুই লগাৰ ভিডিঅ’ মোবাইলত লৈছিল।
আৰু ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।
ইয়াৰ পিছতে ভিডিঅ’টো ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছিল।
Photo: Twitter