ছচিয়েল মিডিয়াত এখন ফটো ভাইৰেল হ’বলৈ ধৰিছে, য’ত মানুহৰ চেহেৰাৰ দৰে দেখাত এখন নদী দেখিবলৈ পোৱা গৈছে।
পোষ্টটোৰ সৈতে দাবী কৰা হৈছে যে, এই ফটোখন আফ্ৰিকাৰ জেম্বেজী নদীৰ।
হেডলাইন৮য়ে অনুসন্ধান কৰোতে জানিব পাৰিলে যে, এই ফটোখন আচল নদীৰ ফটো নহয়।
দৰাচলতে এই পেইণ্টিংখন ৰুছৰ এগৰাকী শিল্পীয়ে অংকন কৰিছিল।
কি আছে ভাইৰেল পোষ্টটোত?
ভাইৰেল ভিডিঅ’টোত এখন মানুহৰ মুখৰ দৰে দেখাত এখন নদী দেখিবলৈ পোৱা গৈছে। পোষ্টটোৰ সৈতে লিখা আছে, “The Mighty Zambezi River. Mother of rivers”।
এই পোষ্টটোৰ Archive সংস্কৰণ ইয়াত দেখিবলৈ পোৱা গৈছে।
https://www.facebook.com/groups/818779561599389/permalink/2264371330373531/
https://www.facebook.com/travelbarotse/photos/a.1321716871289491/3630398090421346/
দাবীঃ মানুহৰ মুখৰ দৰে এই ফটোখন জেম্বেজী নদীৰ ফটো হয়।
অনুসন্ধান
হেডলাইন৮য়ে ভাইৰেল পোষ্টটোৰ অনুসন্ধান কৰিবলৈ পোনপ্ৰথমে এই ফটোখন Google Reverse Imageত বিচাৰিলে। আমি এই ফটোখন neizvestniy-geniy.ruৰ ৱেবছাইটত লাভ কৰিলো।
তাত উল্লেখ থকা তথ্য অনুসৰি, এইখন ফটো ৰুছ শিল্পী লিবিচুক নতালিয়া বৰিছভনাই অংকন কৰিছিল।
আমি এই ফটোখন আন এটা ৱেবছাইট artonline.ruটো লাভ কৰিলো। সেই ৱেবছাইতটো সেই একেই কথা উল্লেখ কৰা আছিল।
ইয়াৰ পিছত আমি ইণ্টাৰনেটত জেম্বেজী নদীৰ বিষয়ে বিচাৰি চালো। এই নদীটোৰ আমি কেইবাখনো ফটো বিচাৰি পালো কিন্তু কোনো এখন ফটো ভাইৰেল হোৱা ফটোৰ সৈতে নিমিলে।
ইয়াৰ পিছত আমি ফেচবুকত এই পোষ্টটো শ্বেয়াৰ কৰা ইউজাৰ Mbale Suzgoৰ প্ৰফাইল স্কেন কৰিলো।
ফলাফলঃ হেডলাইন৮ৰ অনুসন্ধানত জানিব পালো যে এই ফটোখন আচল নদীৰ নহয়। দৰাচলতে এইখন এখন পেইণ্টিং।
Photo: Google