নিউজ ডেস্কঃ পদ্মশ্রী সন্মানপ্ৰাপ্ত ‘অৰণ্য মানৱ” যাদৱ পায়েং এইবাৰ মেক্সিকোৰ ‘Fundación Azteca’ নামৰ প্ৰকৃতি সুৰক্ষা সংগঠনৰ সৈতে চুক্তিবদ্ধ হয় ৷ প্রকৃতি সুৰক্ষাৰ ক্ষেত্রত সহযোগিতাৰে কাম কৰাৰ লক্ষ্যৰে যাদৱ পায়েঙৰ সৈতে চুক্তিত আবদ্ধ হয়মেক্সিকোৰ এই প্ৰকৃতি সুৰক্ষা সংগঠনটো৷ আজি মেক্সিকোৰ পুয়েব্লাৰ প্রাক্তন চিনেটৰ নিনফা চালিনাছ আৰু ইউনেস্ক’ৰ গুড উইল এম্বেছেডৰ ড০ আন্দ্রেছ ৰোমৰ উপস্থিতিত ‘অৰণ্য মানৱ” যাদৱ পায়েং এই চুক্তি স্বাক্ষৰিত কৰে ৷