দুৰ্নীতিত লিপ্ত আৰু ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগত এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি যাবলগীয়া হ’ল কাৰাগাৰলৈ৷
এই ৰাষ্ট্ৰপতিগৰাকী হৈছে ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নিকোলাছ ছাৰ্কজি৷
ছাৰ্কজিয়ে এজন দণ্ডাধীশক উৎকোচ দিবলৈ লোৱাৰ অভিযোগত কাৰাগাৰৰ মুখ দেখিবলগীয়া হৈছে৷
অৱশ্যে দেশৰ আইনে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক সঁকাহ প্ৰদান কৰি তেওঁক ঘৰতে কাৰাবন্দী হৈ থকাৰ সুযোগ প্ৰদান কৰিছে৷
উল্লেখ্য, ২০০৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে ছাৰ্কজিয়ে বিভিন্ন উৎসৰ পৰা অবৈধভাৱে ধন গ্ৰহণ কৰিছিল৷
photo: google