বিদায় মাৰাডোনা ৷ বিশ্ব ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনাৰ মৃত্যু। ৬০ বছৰ বয়সত জীৱনাৱসান ঘটিল কিংবদন্তি ফুটবলাৰ গৰাকীৰ।হৃদৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যু হয় ডিয়েগো মাৰাডোনাৰ ।তেওঁৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ক্ৰীড়া বিশ্ব। অৱসান ঘটিল এটা অবিস্মৰণীয় যুগৰ।
এই খবৰ বিয়পি পৰাৰ পিছতে শোকত ভাগি পৰে বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ লগতে মহান ফুটবলাৰ গৰাকীৰ শুভকাংক্ষীয়ে।লগতে ব্ৰাজিলৰ ফুটবলাৰ পেলেয়ে তেওঁ এটা টুইটেৰে শোক প্ৰকাশ কৰি কয়, ‘অত্যন্ত দুখজনক খবৰ। মই এজন ভাল বন্ধু আৰু বিশ্ববাসীয়ে এগৰাকী মহান খেলুৱৈক হেৰুৱালে। বহু ক’বলগীয়া আছে কিন্তু বৰ্তমান এয়াই ক’ব বিচাৰো যে ভগৱানে পৰিয়ালৰ লোকক শক্তি দিয়ক। তেওঁ লগতে আৰু কয়, ‘আশা কৰো কোনোবা এটা দিনত আমি আকাশৰ কোনোবা এটা স্থানত ফুটবল খেলিম। পেলে আৰু মাৰাডোনা ইজনে সিজনৰ খেলৰ প্ৰশংসক আছিল। দুয়োৰে মাজত বয়সৰ যথেষ্ট পাৰ্থক্য আছিল যদিও দুয়োৰে সম্পৰ্ক কিন্তু আছিল মধুৰ। ২০০১ চনৰ ক্ৰীড়াৰ ইতিহাসত দুই সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে ব্ৰাজিলৰ পেলেৰ সৈতে মাৰাডোনাক অন্তৰ্ভুক্ত কৰিছিল।
১৯৮৬ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ‘ঈশ্বৰৰ হাত’ শীৰ্ষক গ’লটোৰ বাবে মাৰাডোনা তীৰ্যক সমালোচনাৰ সন্মুখীন হৈছিল যদিও একেখন মেচতে এনেকুৱা এটা গল দিছিল যিটো গ’ল আজিও বিশ্বকাপ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ গ’ল হিচাপে গণ্য কৰা হয়। উল্লেখ্য যে মাৰাডোনাৰ যাদুৰ বাবেই আমাৰ বাবে প্রিয় হৈ পৰিছিল আৰ্জেণ্টিনাৰ দলটো। তাৰ অৱশেষ এতিয়াও আছে আমাৰ প্রজন্মৰ মানুহৰ মনত। কিন্তু মাৰাডোনা এজনেই। একক আৰু অনন্য।