নিউজ ডেস্কঃ সুদীৰ্ঘ ৪৪ বছৰ পিছত চন্দ্ৰত অৱতৰণ কৰিলে চীনৰ মানৱবিহীন চাং-ই-৫ মহাকাশযানে ৷ ২৩ দিন পূৰ্বে চীনৰ মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল এখন মানৱবিহীন মহাকাশযান। প্ৰায় ২ কিলোগ্ৰাম ওজনৰ চন্দ্ৰৰ শিল মাটি কঢ়িয়াই আজি পূৱা ইনাৰ মংগোলীয় অঞ্চলত সফলভাৱে পদাৰ্পণ কৰে চীনৰ চাং-ই-৫ মহাকাশযানখনে। ইয়াৰ পূৰ্বে ৰাছিয়াৰ লুনা ২৪ মিছনে ১৯৭৬ চনৰ ২২ আগষ্টত চন্দ্ৰত অৱতৰণ কৰিছিল। তেতিয়া লুনা যানখনে ২০০ গ্ৰাম মাটি লৈ উভতিছিল ৷ চীনৰ এই সফলতাই বিশ্ববাসীক স্তম্ভিত কৰি তোলাৰ লগতে নাছা, ইছৰ’ৰ দৰে সংস্থা লৈ আহিছে তীব্ৰ প্ৰত্যাহ্বান।