নিউজ ডেস্কঃ ২০১৬ চনত হিলাৰী ক্লিণ্টনে ৩ মিলিয়নতকৈও অধিক পপুলাৰ ভোট লাভ কৰিও ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে নিৰ্বাচনত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ইতিহাসত নিৰ্বাচিত ৰাষ্ট্ৰপতিসকলে পপুলাৰ ভোটত জয় লাভ নকৰাকৈয়ে ক্ষমতা লাভ কৰিবলৈ সমৰ্থ হৈছে৷
১৮২৪ চনত জন কুইন্সি আদামছ, ১৮৭৬ চনত ৰাদাৰফৰ্ড বি হায়েছ, ১৮৮৮ চনত বেঞ্জামিন হেৰিছন, ২০০০ চনত জৰ্জ ডব্লিউ বুশ্ব আৰু শেহতীয়াকৈ ২০১৬ চনত ড’নাল্ড জে ট্ৰাম্পে পপুলাৰ ভোটত হাৰিও ৰাষ্ট্ৰপতিৰ পদ লাভ কৰিবলৈ সক্ষম হৈছিল৷
এয়া কিদৰে সম্ভৱ হয়?
আমেৰিকাত প্ৰতি চাৰি বছৰৰ মূৰে মূৰে ১৮ বছৰ বয়স হোৱাৰ পিছত আমেৰিকান নাগৰিকসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটৰ বাবে যোগ্য বিবেচিত হয়৷ কিন্তু বহু ভোটাৰে এয়া নাজানে যে তেওঁলোকে প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰপতিক নিৰ্বাচিত নকৰে৷
যেতিয়া আমেৰিকানসকলে বেলট বক্সত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে ভোটদান কৰে, তেওঁলোকে প্ৰকৃততে প্ৰাৰ্থীজনৰ দলৰ এজন প্ৰতিনিধিকহে তেওঁলোকৰ নিৰ্বাচক হিচাপে নিৰ্বাচিত কৰে৷ সেই নিৰ্বাচকজনেহে সাধাৰণ নিৰ্বাচনৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ বাবে ভোটদান কৰিব পাৰে৷
আমেৰিকাত বৰ্তমানে এনেকুৱা ৫৩৮ জন নিৰ্বাচক আছে৷
২০২০ চনৰ আমেৰিকাৰ নিৰ্বাচনত কি আশা কৰা হৈছে?
শেহতীয়াকৈ জো বাইডেনে পপুলাৰ ভোটত জয় লাভ কৰিবলৈ সক্ষম হৈছে আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই আশা ক্ষীণ দেখা গৈছে৷ নে ২০১৬ চনৰ পুনৰাবৃত্তি হ’ব সেই লৈ জনসাধাৰণৰ মাজত উত্তেজনাই দেখা দিছে৷