নিউজ ডেস্কঃ ক’ৰোনাই সমগ্ৰ দেশৰে বাণিজ্যিক জগতখনত বিস্তাৰ ক্ষতি সাধন কৰিছে ৷
এই সময়ছোৱাতে দেশখনলৈ সুখবৰ কঢ়িয়াই আনিছে কেইটিমান ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানে ৷
বিশ্বৰ শীৰ্ষ ৫০০ মূল্যবান ব্যৱসায়িক প্ৰতিষ্ঠানৰ তালিকাত স্থান লাভ কৰিছে ভাৰতৰ ১১টা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে।
শেহতীয়াকৈ জানিব পৰা মতে বজাৰ বিশ্লেষক হুৰুনে প্ৰকাশ কৰা সমীক্ষা অনুসৰি এই তালিকাত স্থান লাভ কৰা ১১টা ভাৰতীয় প্ৰতিষ্ঠানে সম্পদৰ ক্ষেত্ৰত ১৪ শতাংশ বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে।
তালিকাত স্থান লাভ কৰা প্ৰতিষ্ঠান কেইটা হৈছে ক্ৰমে-ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ, টি চি এছ, এইচ ডি এফ চি বেংক, হিন্দুস্থান লিভাৰ, ইনফ’ছিছ, এইচ ডি এফ চি গ্ৰুপ, ক’টাক ম’হিন্দ্ৰা বেংক, আই চি আই চি আই বেংক আৰু আই টি চি।
উল্লেখ্য, এই প্ৰতিষ্ঠানকেইটাৰ বজাৰ মূলধন ক্ৰমে ১৬৮. ৮ বিলিয়ন মাৰ্কিন ডলাৰ, ১৩৯ বিলিয়ন মাৰ্কিন ডলাৰ , ১০৭. ৫ বিলিয়ন মাৰ্কিন ডলাৰ, ৬৮.২ বিলিয়ন মাৰ্কিন ডলাৰ, ৬৬ বিলিয়ন মাৰ্কিন ডলাৰ, ৫৬.৪বিলিয়ন মাৰ্কিন ডলাৰ,৫০.৬বিলিয়ন মাৰ্কিন ডলাৰ ,৪৫.৬ বিলিয়ন মাৰ্কিন ডলাৰ আৰু ৩২.৬ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি হৈছে।