বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ভাৰতৰ ১৫ জনীয়া দল ঘোষণা কৰে বি চি চি আইয়ে। অহা ১৮ জুনৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে চাউদাম্পটনৰ ৰোজ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল।
কে এল ৰাহুল আৰু মায়াংক আগৰৱালৰ অনুপস্থিতিত ভাৰতৰ অপেনাৰৰ দায়িত্ব লাভ কৰিছে ৰোহিত শৰ্মা আৰু শুভমান গিলে। চেতেশ্বৰ পুজাৰাৰ লগতে অধিনায়ক বিৰাট কোহলী আৰু উপ: অধিনায়ক আজিংক্য ৰাহানে মিডল-অৰ্ডাৰৰ দায়িত্ব ল’ব।
ফাইনেলৰ বাবে ভাৰতৰ দল: ৰোহিত শৰ্মা, শুভমান গিল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী (চি), আজিংক্য ৰাহানে (ভিচি), হনুমা বিহাৰী, ঋষভ পন্ত, ঋদ্ধিমান সাহা, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, ইশান্ত শৰ্মা, মহম্মদ ছামী, উমেশ যাদৱ আৰু মহম্মদ চিৰাজ।