বিদ্যালয়ত হিজাব পিন্ধিব দিয়া নিদিয়াক লৈ বিতৰ্কত উত্তাল হৈ আছে সমগ্ৰ দেশ। কেৱল ভাৰততেই নহয় বিশ্বৰ বিভিন্নজনকো এই কাণ্ডই চিন্তান্বিত কৰি তুলিছে। শান্তিৰ নোবেল বঁটা বিজয়ী মালালা ইউছুফজাইয়ে অলপতে সামাজিক মাধ্যমত কৈছে যে, ছোৱালীবিলাকক হিজাব পিন্ধি বিদ্যালয়ত প্ৰৱেশ কৰাত বাধা দিয়াটো ভয়ংকৰ কথা হৈছে। ঘটনাটো কৰ্ণাটকত সংঘটিত হৈছিল য’ত একাংশ ছাত্ৰীয়ে অভিযোগ কৰিছিল যে তেওঁলোকক হিজাব পিন্ধি থকাৰ বাবে বিদ্যালয় চৌহদ আৰু শ্ৰেণীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। হিজাবক লৈ যোৱা মাহত কৰ্ণাটকৰ উদুপীৰ চৰকাৰী মহিলা মহাবিদ্যালয়ত প্ৰতিবাদ আৰম্ভ হৈছিল।
এই সন্দৰ্ভত মন্তব্য কৰি মালালাই তেওঁৰ টুইটত লিখিছে, “হিজাব পিন্ধা ছোৱালীবোৰক বিদ্যালয়ত প্ৰৱেশ কৰাত বাধা দিয়াটো ভয়ংকৰ। মহিলাসকলক কম বা বেছি কাপোৰ পিন্ধাক লৈ আক্ৰমণ কৰি অহা হৈছে। ভাৰতৰ নেতাসকলে মুছলমান মহিলাসকলক উপেক্ষিত হোৱাৰ পৰা বাধা দিয়া উচিত।’
উল্লেখ্য যে, এই হিজাব বিবাদ বিগত জানুৱাৰী মাহত উদুপীৰ এখন চৰকাৰী মহাবিদ্যালয়ৰ পৰা আৰম্ভ হৈছিল। মহাবিদ্যালয়খনত ছয়গৰাকী ছাত্ৰীয়ে হিজাব পৰিধান কৰি শ্ৰেণীলৈ আহিছিল। একেধৰণৰ ঘটনা পিছত কুণ্ডাপুৰ আৰু বিন্দুৰৰ আন কিছুমান মহাবিদ্যালয়তো হৈছিল। ৰাজ্যখনত কেইবাটাও ঘটনা ঘটিছে য’ত মুছলমান ছাত্ৰীসকলক হিজাব পিন্ধি মহাবিদ্যালয় বা শ্ৰেণীলৈ যাবলৈ অনুমতি দিয়া হোৱা নাই। একে সময়তে হিজাবৰ প্ৰতিক্ৰিয়াস্বৰূপে হিন্দু শিক্ষাৰ্থীসকলেও গেৰুৱা শ্বল লৈ শিক্ষানুষ্ঠানলৈ আহি আছে।