নিউজ ডেস্কঃ বিশ্ব ফুটবলৰ অন্য এজন কিংবদন্তী ইটালীৰ ফুটবলাৰ পাওলো ৰুচিৰ বৃহস্পতিবাৰে ইটীলীৰ ৰোমত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত পাওলোৰ বয়স আছিল ৬৬ বছৰ ৷ জানিব পৰা মতে পাওলো ৰুছী দীৰ্ঘদিনৰ পৰাই ৰোগাক্ৰান্ত হৈ আছিল। ১৯৫৬ চনৰ ২৩ ছেপ্তম্বৰত জন্ম গ্ৰহণ কৰা পাওলো ৰুছী ,১৯৮২ চনৰ স্পেইন বিশ্বকাপ ফুটবলৰ নায়ক আছিল । সেই বৰ্ষৰ প্ৰতিযোগিতাখনত পশ্চিম জাৰ্মানীক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰি ইটালীয়ে বিশ্বকাপ জয় কৰিছিল। উল্লেখযোগ্য যে ১৯৮২ চনত স্পেইন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত পাওলো ৰুছীয়ে সৰ্বাধিক ৬ টা গল স্ক’ৰ কৰি সোণৰ বুট লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮২ বৰ্ষত পাওলোৱে বিশ্ব ফুটবলৰ আটাইতকৈ সন্মানীয় ফিফাৰ বেলন ড’ৰ সন্মান লাভ কৰিছিল। তেওঁ বৰ্ষশ্ৰেষ্ঠ ইউৰোপীয়ান ফুটবলাৰ লগতে আন বহু সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল।
বিশ্বৰ ১০০ গৰাকী শ্ৰেষ্ঠ ফুটবলাৰৰ ভিতৰত স্থান লাভ কৰাৰ পাওলো ৰুছীৰ মৃত্যুত ইটালীৰ লগতে সমগ্ৰ বিশ্ব ফুটবলতে শোকৰ ছাঁ পৰিছে।