নিউজ ডেস্কঃ অৱশেষত পৰাজয় স্বীকাৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদ্যবিজয়ী ৰাষ্ট্ৰপতি জ’ বাইডেনলৈ ক্ষমতা হস্তান্তৰকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে৷ এই ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ হ’লেই বাইডেনৰ ক্ষমতা হস্তান্তৰ গোটে এককালীন ধন ব্যয় কৰাৰ, চৰকাৰী বিষয়াৰ লগত আলোচনা কৰাৰ আৰু হোৱাইট হাউচলৈ যোৱাৰ কৰ্তৃত্ব লাভ কৰিব৷
ইফালে বাইডেনৰ বিজয় অস্বীকাৰ কৰি ন্যায়ালৰ দ্বাৰস্থ হোৱা ট্ৰাম্পে কয় যে ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়াৰ কাম ‘নেচনেল ছাৰ্ভিচেজ এডমিনিষ্ট্ৰেচন’ক আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যদিও ভোটগ্ৰহণত অনিয়মৰ বিৰুদ্ধে হোৱা যুঁজ অব্যাহত থাকিব৷