নিউজ ডেস্কঃ আমেৰিকাৰ প্ৰথম গৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰি এক নতুন ইতিহাস ৰচিলে ভাৰতীয় মূলৰ কমলা হেৰিছে ৷
কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য পাঠ কৰায় আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী লেটিন আমেৰিকান ন্যায়াধীশ ছোনিয়া ছট’মেয়াৰে ৷
ৰাষ্ট্ৰপতি জ’ বাইডেনৰ পিছতে কমলা হেৰিছে উপ-ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰে ৷
তেওঁ আমেৰিকাৰ প্ৰথম কৃষ্ণাংগ আৰু প্ৰথম এছিয়ান-আমেৰিকান মহিলা উপ-ৰাষ্ট্ৰপতি ৷