মুম্বাইত সংঘটিত হোৱা ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ডৰ ভিতৰত এটা লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ জাকীউৰ ৰহমান লখবীক পাকিস্তানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
লখবীক পাকিস্তানৰ পঞ্জাৱ প্ৰান্তত গ্ৰেপ্তাৰ কৰা হয়।
সন্ত্ৰাসবাদীক বিত্তীয়ভাৱে সহায় কৰাৰ অভিযোগত লখবীক গ্ৰেপ্তাৰ কৰা হয়।
কিন্তু বৰ্তমানলৈ লখবীৰ গ্ৰেপ্তাৰক লৈ মুম্বাই আক্ৰমণৰ কথা উল্লেখ কৰা হোৱা নায়।
এই সন্দৰ্ভত পাকিস্তানৰ CTDয়ে ক’লে যে সন্ত্ৰাসবাদীক বিত্তীয় সহযোগ জাৰি ৰখাৰ অভিযোগত লখবীক গ্ৰেপ্তাৰ কৰা হৈছে।
তেওঁ ক’লে যে লখবীয়ে এখন ডিচপেঞ্চাৰী চলাই আৰু সন্ত্ৰাসবাদীৰ বাবে ফাণ্ড সংগ্ৰহ কৰে।
এই অভিযোগতে লখবীক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে লখবীৰ নাম সন্ত্ৰাসবাদীৰ তালিকাত সূচীবদ্ধ হোৱাৰ পিছত লখবীৰ সম্পত্তি আৰু বেংক একাউণ্ট জব্দ কৰি লোৱা হৈছিল।
বিগত মাহত পাকিস্তান চৰকাৰে UNSCৰ পৰা মাহিলী ৰাশিৰ অনুমতি দিয়াৰ বিচাৰ কৰাৰ আহ্বান জনাইছিল।
পাকিস্তান চৰকাৰে লখবীৰ একাউণ্টৰ পৰা খাদ্য-সামগ্ৰীৰ বাবে ৫০ হাজাৰ, পাব্লিক ইউলিটী চাৰ্জেছৰ আধাৰত ২০ হাজাৰ, অধিবক্তাৰ মাচুলৰ বাবে ২০ হাজাৰ আৰু অহা-যোৱাৰ বাবে ১৫ হাজাৰ টকা উলিওৱাৰ অনুমতি প্ৰদান কৰাৰ দাবী কৰিছিল।
Photo: Google