সুদীৰ্ঘ ২১ বছৰৰ পিছত চণ্ডীগড়ৰ হৰনাজ সন্ধুয়ে ২০২১ ৰ মিছ ইউনিভাৰ্ছৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৭৫গৰাকী সুন্দৰীক চেৰ পেলাই এই খিতাপ আঁজুৰি আনিলে ভাৰতৰ হৰনাজ সন্ধুয়ে। ইজৰাইলৰ ইলাটত অনুষ্ঠিত হোৱা ৭০ তম মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে ২১ বছৰীয়া হাৰনাজ সান্ধুৱে । অৰু ১২ ডিচেম্বৰত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০২১ খিতাপ অৰ্জন কৰে হৰনাজ সন্ধুয়ে। প্ৰথম ৰানাৰ্ছ আৰু দ্বিতীয় ৰানাৰ্ছ আপ পাৰাগুৱেৰ নাদিয়া ফেৰেৰা আৰু দক্ষিণ আফ্ৰিকাৰ লেলেলা চাৱানেক পৰাস্ত কৰি এই মুকুট জয় কৰে সান্ধুৱে।
ইয়াৰ পূৰ্বে ১৯৯৪ চনত সুস্মিতা সেন আৰু ২০০০ ত লাৰা দত্তই মিছ ইউনিভাৰ্ছৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল । ২০২০ৰ মিছ ইউনিভাৰছ দক্ষিণ আফ্ৰিকাৰ এণ্ড্ৰিয়া মেজাই হাৰনাজৰ শিৰত পিন্ধাই দিয়ে মিছ ইউনিভাৰ্ছৰ মুকুট।